পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আচৰিত হৈ সুধিলে—"ককাই! তইনো ক'ৰপৰা আহিছ?" মই কলোঁ—"মই মান দেশৰ পৰা আহিছোঁ। মই অসমীয়া মানুহ, এই লাহন গাঁৱতে মোৰ ঘৰ আছিল, মোক যুঁজত মানে ধৰি নিছিল। মোৰ এই কথাত সেই নতুন গাঁৱৰ গোটেইবিলাক ল'ৰা-তিৰোতা, বুঢ়া-বুঢ়ী মোৰ ওচৰলৈ আহি মোক বেঢ়ি ধৰিলে, আৰু মইনো কেনেকৈ মানৰ দেশলৈ গৈছিলো, মানৰ দেশখননো কেনেকুৱা, তাত শুকুলা হাতী আছেনে ইত্যাদি নানা কথা সুধিলে। ময়ো নিজৰ দেশ পাই, নিজৰ অসমীয়া লগ পাই আঁতি-গুৰি মাৰি সকলোবিলাক কলোঁ। মোৰ কাহিনীত ল'ৰা-ছোৱালী আৰু তিৰোতাবিলাক, বিশেষকৈ গাভৰুবিলাক বৰ মোহিত হৈছিল। মই এইবিলাক কৈ উঠি সুধিলোঁ—"আমাৰ আগৰ গাঁওখননো কি হ'ল?" বুঢ়া-মেধা দুই-চাৰিজনে ক'লে—"ঔ বোপাই! সুধিলেনো কি হ'ব। মানৰ উপদ্ৰৱত কোন কেনি গ'ল, কাক ক'ত মানে কাটিলে, মাৰিলে, কাক ক'ত ধৰি বেটি-বন্দী কৰি নিলে, তাৰ ঠিক নাই। আমিও কোম্পানীৰ ৰাজ্য হোৱাতহে নানা ঠাইৰ পৰ আহি ইয়াত বসতি পাতিছোঁ। বোপাই! তয়ো ইয়াতে থাক। উদ্ধাৰ পৰাচিত হ। ধনবিত নাই যদি আম দহজন লগলাগি তোক বৰঙণি তুলি সহায় কৰি দিওঁ। উদ্ধাৰ পৰাচিত হৈ চাই-চিন্তি গাঁৱৰে এজনী ছোৱালী বিয়া কৰাই ইয়াতে থাক বোপাই!" মই সুধিলোঁ--"লাহন গাঁৱৰ এটাইবিলাক মানুহকে মানে কাটিলেনে?" সিহঁতৰ দুই এজনে ক'লে--"বোপাই! শুনিছোঁ প্ৰায় হেনো এটাইবিলাককে কাটিলে, কেতবোৰ ধৰি বেটী-বন্দী কৰি নিলে, অলপ কিছুমান সব মতা-মাইকী হেনো পলাই গ'ল। আউৰ দুই-চাৰিজন মানুহ হেনো আজি-কালি বোকাখাটত আছেগৈ। সিহঁতৰ এইবিলাক কথা শুনি মোৰ মনত নৈৰাশ ডাৱৰে ঢাকিলে। মোৰ মনত খেলিছিল "হায়! মই মান যুঁজত নমৰিলো কেলেই। নমৰিলোঁ নমৰিলোঁ মান দেশৰ পৰা উলটি আহিলো কেলেই—মোৰ ৰূপহীনো ক'লৈ গ'ল। আইহঁতৰনো কি হ'ল। গাঁৱৰ মানুহৰ নো কাৰ কি দুৰ্গতি হ'ল। ভাৱনা-চিন্তাই মোক দুখআৰু শোকসাগৰত পেলালে। গৃহস্থজনে সেই নিশা আতৌ-পুতৌ কৰি খাব শুবলৈ দিলে। অৱশ্যে এইটোও নকৈ নোৱাৰোঁ ডাঙৰীয়া! যে ইমান আদৰ-সাদৰ কৰাৰ পিছতো মোক ভাতগাল হলে মই মানৰ দেশত থাকি মেলেছ হোৱা বাবে বাহিৰতেহে খাবলৈ দিলে। যদিও বাহিৰত খাবলৈ দিলে, তথাপি ডাঙৰীয়া! মই সেই মানুহ ঘৰৰ আদৰ-সাদৰ আইলৈকে পাহৰিব নোৱাৰোঁ।