পৃষ্ঠা:নামতি.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নামতি

(২)

হৰি এ নাৰায়ণ-- 
লৰিলে কানাই তাঁতিৰ ঠাই।

দুৰতে দেখিয়ে তাঁতিয়ে হাসে—
কৃষ্ণ কানাই কি লাগি আসে—
বসিবাৰ আসন আগে যােগায়—
কৰ্পূৰ তাম্বুল শেষে যােগায়—
কহো মই তাঁতি তােমাৰ আগে—
ৰাধাক পিন্ধাবলৈ কাপোৰ লাগে—
কেমন পুতল কেমন বহল—
কলেহে জানো মই তাৰ বিধান—
দীঘলে সাৰেঙ্গ পুতলে বৰ—
তাৰ আগে গুণা দিবা বিস্তৰ—
শিৰতে লিখিবা বসুদেৱ পিতা—
উৰণিত লিখিৰা দৈৱকী মাতা—
বাহুতে লিখিৰ দাদা বলাই—
হৃদয়ে লিখিবা কৃষ্ণ কানাই—
খোছনিত লিখিব নেজালি ম'ৰা—
আঠুতে লিখিবা আকাশী তৰা—
ইটো দেওবাৰে জাননী দিওঁ—
সিটো দেওবাৰে কাপােৰহে নিওঁ—

(হৰি এ নাৰায়ণ।)