ঙ আৰু চ) বৰাধান আৰু জহা বা ভোগ ধান। এই বিধ ধানৰ খেতি শালি ধানৰ সদৃশ; কেৱল ধান দুবিধৰ ভাতৰ ক্ষেত্ৰতহে তাৰতম্য দেখা যায়। বৰা ধানৰ ভাত আঠা আৰু জোহা বা ভোগ ধানৰ ভাত সুগন্ধি।
জীৱন নিৰ্ব্বাহঃ গাঁও খনত খেতিয়ক আৰু মজুৰি কৰি খোৱা লোকেই সৰহবাবে জীৱন নিৰ্ব্বাহ গতিধাৰা দুখ কৰিবলগীয়া। খেতি কৰি বছৰেকত যি শস্য পায় এযোৰ কাপোৰ কানি কিনোতে উৎপাদিত শস্যৰ একাংশ শেষ হৈ যায় আৰু মজুৰি কৰি খোৱা লোকৰ ক্ষেত্ৰত তেনেই তথৈবচ।
ঘৰ-বাৰী যতনঃ
পথাৰ খেতিৰ কাম শেষ কৰি গাঁৱলীয়া সকলে ঘৰ-বাৰী যতন কৰাত লাগি যায়। যেনে— নিজৰ ঘৰ-বাৰীৰ মালি-পুদুলি উঠোৱা, ধানকটা দিনত ৰন্ধাবঢ়াৰ বাবে খৰি জমা কৰা, ঘৰৰ তিৰোতা সকলেও ঘৰৰ পৰিয়াল সকলৰ বাবে কাপোৰ তৈয়াৰ কৰা আদি কামত লাগি যায়। ইং ১৯৭০ চনৰ আগতে অঞ্চলটোত খেৰৰ ঘৰ বেছি আছিল। সেইবাবে বাঁহ-খেৰ আদি কাটি আনি ঘৰ-বাৰী যতনাই লৈছিল।
জীৱন নিৰ্ব্বাহঃ পূৰ্ব্বৰ দৰে গছ-গছনি নহোৱাত ঘৰ বান্ধিবৰ বাবে খেৰ-বাঁহ নথকাত মানুহৰ ঘৰ-দুৱাৰৰ অৱস্থা তেনেই অচল হৈছিল আৰু দুখীয়া শ্ৰেণীৰ লোকৰ বাবে তেনেই পানীত হাঁহ নচৰা হৈছিল। নিম্ন দেউৰীপাৰা গাঁৱত কেৱল দোমন বড়ো, যোগেন বড়ো, চানজাং বড়ো আৰু হৰেশ ৰাভাৰ মাত্ৰ টিনৰ ঘৰ দেখা গৈছিল।
কাটিমহীয়া ধান কটাঃ খেতিয়ক সকলৰ শতকৰা পঞ্চাশ শতাংশ ভাগেই কাতিমহীয়া ধানৰ খেতি কৰে। কাৰণ বছৰেকত কাতিমাহটোৱে কঙাল (কাঙাল) মাহ। সেই বাবে কঙালি বিহু নাম দিছে। নতুন ধান লগ পাবৰ বাবে একদিনৰ কাৰণে আনৰ পৰা ধান