পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ৰাংশী ঝৰা আৰু থুক্ চি ঝৰাঃ

 ঝৰা, ইয়াৰ আধুনিক শব্দ ঝৰণা > জৰণা। ঝৰা শব্দটি গোৱালপৰীয়া স্থানীয় ভাষাৰ শব্দ। ৰাংশী ঝৰা মেঘালয়ৰ গাৰোপাহাৰৰ নাতিদূৰৰ পৰা ওলাই আহি দামাছ বজাৰৰ পশ্চিমে দামৰা-মেন্দিপাথাৰ আলিবাটৰ কাষে কাষে বৈ আহি ৰাংশী গাঁৱৰ দুটা চুবুৰীৰ মাজেৰে অতিক্ৰম কৰি খেতি পথাৰৰ মাজেৰে উত্তৰ দিশলৈ বৈ গৈ খুক্-চি ঝৰাৰ লগত মিলিত হৈ চেঁচাপানী-থবলপাৰা আলিবাট অতিক্ৰম কৰি আৰু ৰেল লাইন অতিক্ৰম কৰি গাৰ দামলত পৰিছে। ইং ১৯৬০-৬৫ চনলৈ এই গাৰ দামল ডুবিৰ সদৃশ জলাশয় আছিল। কিন্তু এতিয়া ভৰ বাৰিষাত ফুটবল খেলিব পৰা অৱস্থা হ'ল। বাম হৈ পৰিল। ইয়াৰ মূল কাৰণ হ'ল- দীঘল ঝৰাৰ বালি আৰু পলস বোৰে পানীৰ সোঁতত গৈ গৈ দ অঞ্চল বাম কৰি পেলালে। যোৱা ইং ১৯৬৫-৬৬ চনত আমি তাত এক পেট পানীত নামি টাঙা বৰশী বাইছিলোঁ। কিন্তু ইং ২০১৭ চনত দ ঠাই বাকৰিত পৰিণত হ’ল। গাৰ দামলত চন্দ্ৰ দামল বুলি এটি দামল (জান) আছিল। সেই দামল খেতিৰ বাবে বন্ধ নহয়, কেৱল মাছ ধৰাৰ বাবে বন্ধ। চন্দ্ৰ দামলৰ নলাটো ভেটা দিলে বহুতো মাছ পোৱা যায় বাবে বন্ধ হৈছিল। চন্দ্ৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক কনা দামল নামেৰে জনাজাত। কনা ৺হৰেশ ৰাভাৰ বাপেক।

 ইং ১৯৬৭-৬৮ চনলৈকে তিলক মহাজনৰ খেতি পথাৰত পানীত গজা দল সমূহ ধান কটা কাচি নাইবা দা ৰে কাটি জমা কৰি থৈ হাল মাৰিব লাগে। কাটি থোৱা দলৰ দমবোৰ ধান খেৰৰ পুজিৰ দৰে দেখি। তেনেকৈ বহুত দলৰ দম হয়। কিন্তু আজি তেনে দল নাই।

থুক্-চি *2ঝৰাঃ

 ৰাংশীগাঁৱৰ উত্তৰ অংশত ইং ১৯৬৫ চনলৈ পিটনি আছিল। সেইপিটনি এতিয়া খেতি পথাৰ হ’ল। সেই পিটনিৰ পৰা নিগৰি ওলোৱা পানীয়ে নিজৰাৰ আকাৰ লৈ ঝৰাৰ সৃষ্টি হৈছে। সেই ঝৰাটোকে খুক্-চি ঝৰা বুলি কোৱা হয়। আজিও সেই ঝৰাৰ চিহ্ন নলা ৰূপত থবলপাৰা গাঁৱৰ শ্ৰীজয়ৰাম ৰাভাই ৰাখি থৈছে। কেনেকৈ থুক্-চি ঝৰা নাম পালে, সেই বিষয়ে আমি এতিয়া অজ্ঞ।

গপ্তাঃ

 গপ্তা শব্দটি গোৱালপৰীয়া স্থানীয় ভাষাৰ শব্দ। ৰাইজৰ সজাগ আৰু দেশৰ উন্নতিৰ লগে লগে পূৰ্বৰ গপ্তাবোৰ এতিয়া দেখিবলৈ পোৱা নাযায়। গপ্তা হ'ল— গৰু, ম'হৰ

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/২১