এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নিম্ন দেউৰীপাৰা চুবুৰীৰ গৰুবাথানঃ
এইটো নিম্ন দেউৰীপাৰা চুবুৰীৰ ৰাভা আৰু কছাৰী সকলৰ গৰু বাথান দিয়া স্থান। এই স্থান ডৰাৰ উত্তৰ অংশত কছাৰী সকলৰ আৰু দক্ষিণ অংশত ৰাভা সকলৰ গৰুবাথান। গৰখীয়া সকলে ৰাতিপুৱা গৰু চৰাই ৯-৩০ বজাত এই বাথান ৰাখি দুপৰীয়া জিৰণি লয় আৰু আবেলি ১-৩০ বজাত বাহিৰলৈ গৰু চৰাবলৈ লৈ যায়। কিন্তু সময়ৰ সোঁতত ৰাভা-কছাৰী ৰাইজে গৰখীয়া ৰাখি গৰু চৰাবলৈ এৰাত স্থান ডৰা এৰা হৈ আছে।
উপৰ দেউৰীপাৰা ১নং গিয়াতিৰ গৰুবাথানঃ
এইটো ১নং গিয়াতিৰ গৰু বাথান। ইং ২০১৭ চনত মুঠ ৫৬ টা গৰু এই বাথানত ৰখা হয়। গৰখীয়া সকলে ৰাতিপুৱা গৰু চৰাই ৯-৩০ বজাত এই বাথানত ৰাখি দুপৰীয়া জিৰণি লয় আৰু আবেলি ১-৩০ বজাত বাহিৰলৈ চৰাবলৈ লৈ যায়।
দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/৪