পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৪)

শঙ্কৰ শঙ্কৰ প্ৰোক্তঃ কৃষ্ণে দামোদৰস্তথা।
হৰিদেৱ হৰিষ্টৈব চৈতন্য পূৰ্ণ ব্ৰহ্মাচ॥

(ভবিষ্যৎ পুৰাণ)

 এই বিলাক কথাৰ সত্যতা নিমিত্তে কৃষ্ণদাসে এইদৰে লেখিছে :—

শুনা সাধু সন্ত নৰ  মিছা নুবুলিবা মোক
 কহিলোহো স্বৰূপ বচন।
হৰগেৰী সংবাদত  আছে ইটো কথা যত
 তাক চাই লভিবা প্ৰমাণ।

 ভট্টদেৱেও কৈলাসত এনেদৰে যুক্তি কৰি আহি ওপোজা বুলি উল্লেখ কৰিছে।

মেৰুৰ মূৰত বহি কথা আলোচিলা।
সদানন্দ গৃহে আহি জনম ধৰিলা।

 এইবিলাক কাৰণৰ যিটোৱেই বা নহওক তথাপি শঙ্কৰদেৱ আৰু দামোৰদেৱৰ কাৰ্য্য পদ্ধতি দেখি কৰলৈ পাৰি যে, এওঁলোক একো একোজন ঈশ্বৰ অংশী মহাপুৰুষ।

⸺ ০ ⸺