পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উপৰি পুৰুষ।

⸺৹:*:৹⸺

 দ্বিজ কৃষ্ণদাসে সন্ত চৰিত্ৰৰত গৌতমৰ পৰা একৈশ পুৰুষৰ পিছত দামোদৰদেৱ জন্ম লোৱা বুলি এদৰে লেখিছেঃ—

গৌতমৰ পুত্ৰ নাতি অনুক্ৰমে ভৈলা।
একাধিক বিংশতি পুৰুষ ৰহি গৈলা॥

 কিন্তু ৰামৰায় দ্বিজে লিখা মতে গৌতমৰপৰা একা- দশ পুৰুষৰ পিচত দামোদৰদেৱ উপজিছিল। তেওঁ তাৰ বংশাৱলী এইদৰে দিছেঃ—

 আদি পুৰুষ গৌতম, গৌতমৰ পুতেক সতানন্দ তেওঁৰ পুতেক চিদানন্দ, চিদানন্দৰ পুতেক পৰমানন্দ আৰু তাৰপৰা ক্ৰমে উমানন্দ, সহজানন্দ, শিবানন্দ, অচ্যুতান, ভবানল, কৃষ্ণানন্দ, সিন্ধানন্দ আৰু সদা- নন্দ। এই সদানন্দ দেৱেই দামোদৰ দেৱৰ পিতৃ। আদিতে এওঁলোকৰ ঘৰ গৰুড়া চলৰ উত্তৰ ফালে হাজোৰ ওচৰৰ ৰত্নেশ্বৰ নামে গাৱত আছিল। পিতেক সিন্ধানন্দই ধৰ্ম্মম্মশীল নামে ব্ৰাহ্মণৰ শীলা নামে এজনী ৰূপ গুণ সম্পন্না কন্যা পুতেকক বিবাহ কৰাই দিয়ে;