পৃষ্ঠা:তাৰা.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৮৬
৮৬
তাৰা

৭= তাৰা ২য় সাধ্য:--আৰু এজন ৰাজপুত বেশী মানুহে তেওঁলোকক সহায় কৰিছিল। ১ম সৈঃধ্য—এৰা, ৰণৰ পাছত হলে তেওঁক বিচাৰি বিচাৰি কতো নাপালো। সাৱধান, থিয় দে। কোন তই? পালিত--মই এজন যোগল সৈনিক। সৈ.ধ্য-সৈন্যসকল, বন্দী কৰ। তহঁতৰ পৰাজয় বাতৰি যেন মোগল বাদ গ্ৰাহক দিবলৈ কোনো বাকী নাথাকে। কালিলৈ ৰজাৰ বিচাৰত নিশ্চয় তোৰ প্ৰাণ দও হব। পালিত--সেইবাবেই ধৰা দিলো। [ সকলোৰে প্ৰস্থান।] চতুৰ্থ দৰ্শন কাৰাগাৰ [ বন্দী পালিত।] পালিত-লৌহ শৃঙ্খল! তই মোৰ বৰ হেপাহৰ বস্তু। যুদ্ধ কৰিও যি মৃত্যুক ইমান দিনে বিচাৰি নাপালে, সেই চিৰ অভিলষিত মৃত্যু তয়েই দিবি। সেই সুখকৰ মৃত্যুই আহি মোক সোণ- কালে সকলো যন্ত্ৰণাৰ পৰা মুক্তি দিব। মোৰ বিবেক এই শৃঙ্খলিত বাহুতকৈও বেছি শৃঙ্খলিত। দয়ালু ঈশ্বৰ! সেই শৃঙ্খলিত বিবেকে যেন মোক আৰু বে িকষ্ট দিবলৈ নোৱাৰে। অনুতাপেই মোক মুক্তি দিব। মৃত্যু! তই দয়ালু মানুহতকৈও দয়ালু। এতিয়া তৰাৰ মৃত্যুত কাতৰ হৈ থকা মোৰ এই দুখ আৰু শোকে জুৰুলা কৰা জীৱটোক মুক্তি দে। তাৰ