পৃষ্ঠা:তাৰা.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৮৭
৮৭
তাৰা

তা ৭। এই নশ্বৰ শৰীৰ বিনাশ হলে অমৰধামলৈ গৈ ক্ষমা ভিক্ষা খুজি তোমাৰ লগত কথা হয়। [ কাৰৰক্ষীৰ প্ৰবেশ।] কা: ৰঃ-মোগল! মৃত্যুৰ বাবে সাজুনে? পালিত-প্ৰস্তুত। কাঃ ৰঃ-মৃত্যু বৰ ভাল, সাজু নহবনো কিয়? ইয়াত বৰ দুখ। পাওনাদাৰে আৰু আপোনাক পহিলা তাৰিখে আহি ধাৰ সাধি বিৰক্ত নকৰে। কানি, ভাং, ফটিক। আদিত আৰু ধন খৰছ কৰিবলৈ নালাগে। ফটিকাৰ দোকানলৈ গৈ ফটিকা খাই অলপ সময় স্বৰ্গসুখ উপভোগ কৰক। ক’ত আছে? আকা- শত নে পাতালত, ময়লা গৰখাৱৈত নে সোণৰ পালেঙত--তাৰ একো থাঠিকনা নাই। পাছে যেতিয়া স্বৰ্গসুখ অলপ অলপ কমে, দেখে যে মূৰটো অলপ গধূৰ গধূৰ, কিন্তু চোলাৰ মোনা- খনি যেন পাতল পাতল। এডালি সামান্য জৰী লাহেকৈ আপোনাৰ গলত মালাৰ দৰে পিন্ধাই দিম। দি এটি টান মাৰিম। তাৰ পাছতে আপুনি স্বৰ্গত। এক মুহূৰ্ততে আপোনাক সংসাৰৰ সকলো দুখ, সকলো ভাৱনাৰ পৰা উদ্ধাৰ কৰিম। জৰীডালৰ হলে মূল্য এটি পয়ছ। মানুহে তাৰ শীতল কোলাত আশ্ৰয় নলৈ সুখৰ বাবে বহুত ধন ভাঙে, কিন্তু মুখ হলে নাপায়। পালিত-জীৱনত তোৰ যিমান আগ্ৰহ, মৰণত মোৰ তাতকৈও বেছি। কাৰা ঠিক কথা। শুই থকা মানুহে জানো দাতৰ বিষৰ গম। পায়? কিন্তু সাৰ পাই উঠলেহে বিষত চাটিফুটি কৰে। কিন্তু আপোনাৰ নিচিনা কোনোবাই এনে অৱস্থাত এনেকৈ শুব