পৃষ্ঠা:তাৰা.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৮৫
৮৫
তাৰা

তাৰ সৈধ্য-বৰ আচৰিত কথা! এটি সঙ্কীৰ্ণ বাটত এজন বুঢ়া মানুহে আৰু দুজন লৰাই জয়’ৰৰ স্বাধীনতা ৰক্ষা কৰিলে--আচৰিত কথা। পালিত - - আচৰিত নহব। আপোনাৰ গাত কি দোষ? দোষ বিধাতাৰ। আপোনালোকক আচৰিত হবলৈ সজন কৰিছে সৈাধ্য-ডাঙৰীয়া, খং নকৰিব। পালিত--কিয় খং কৰিম? খং কৰিলে কি হব? সৈঃধ্যঃ--আপোনাৰ খং উঠিছে। বাৰু মই বিদায় হওঁ। [প্ৰস্থান। পালিত--কেনে সম্ভ্ৰান্ত বীৰ, ৰণ কৰিবলৈ আহি সোধে ৰণৰ বাতৰি কি? এনেকুৱা কত ৰাজপুতে আমি এই নশ্বৰ দেহাটো ৰক্ষা কৰিবলৈ নিজৰ মান সন্ত্ৰ সকলোকে বিসৰ্জন দিলেহেতেন। কিন্তু মন্ত্ৰপূত শৰীৰৰ দৰে মোৰ ওচৰৰ পৰা হলে মৃত্যু পলাই যায়। ই কি জটিল ৰহস্য! যি, মৃত্যু বিচাৰে তাৰ ওচৰৰ পৰা হলে মৃত্যু পলাই যায় কিন্তু বাৰ মৰিবলৈ তিল মাত্ৰও ইচ্ছা নাই তাৰ প্ৰাণ হঠাৎ হৰণ কৰে। বাৰু মৃত্যু! মোৰ ওপৰৰ পৰা কিমান আঁতৰত থাকা এবাৰ দেখিম। তোমাক লগ ধৰিমেই ধৰিম। এতিয়া মই আকৌ মোগল সৈন্যৰ মাজত সোমাওঁগৈ। (সাজ পৰিবৰ্ত্তন কৰে) কোনো এজন ৰাজপুত সৈন্যক লগ পালেই আত্মসমৰ্পণ কৰি। তেতিয়া আৰু মৃত্যু ভাৱনা কি? মৃত্যু! তেতিয়া তুমি মোক আলিঙ্গন কৰিবই লাগিব। তাৰ! তোমাৰ হত্যা প্ৰায়শ্চিত্ত এনেকৈ কৰিম। [ দুজন ৰাজপুত সৈন্যাধ্যক্ষ্য আৰু সৈন্যবোৰৰ প্ৰবেশ।] ১ম সৈঃধ্যভৱানীৰ কৃপাত ৰানিংহ বন্দী হল। সেই লৰা দুজন অক বুঢ়া মানুহজনক যেন ঈশ্বৰে আমাক সহায় কৰিবলৈহে পঠাইছিল। ৬