পৃষ্ঠা:তাৰা.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৪৯
৪৯
তাৰা

তাৰা বধু যি আদেশ। [ ৰামসিংহ আৰু ৰঘুপতিৰ প্ৰস্থান। ৰজা-মন্ত্ৰী! ৰাজদূত গৈ পালেই মোগল সৈঙ্গই আমাৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰিব। ভাল ছৰ্দাৰসকলক মোৰ পক্ষে সাহায্য খুজি পঠিৱা আৰু সেনাপতিক গিৰিশঙ্কটবোৰত আৰু ৰাজ্যৰ সীমাত সেনা স্থাপন কৰিবলৈ মোৰ নামে আদেশ দিয়া। ভৱানীৰ কৃপাত নিশ্চয় আমাৰ মঙ্গল হব। আজি ইমানতে সভা ভঙ্গ হ'ল। [ সকলোৰে প্ৰস্থান।] দ্বিতীয় দৰ্শন তাৰাৰ শোৱনি ঘৰ [ চন্দনৰ হাতত চিঠি লৈ প্ৰবেশ।] চন্দন-ব্যভিচাৰতাৰ ব্যাভিচাৰিণী? পালিত প্ৰভো! কোন ৰাক্ষসে তোমাৰ কাণত, এই সন্দেহ-বিহ ঢালি দিলে, যি বিষে মানুহক পশুতকৈও অধম কৰে। অবিশ্বাসিনী? নহয় তোক ভাবিয়ে দিনে ৰাতিয়ে তেওঁ অশেষ যম্বণা ভোগ কৰিব লাগিছে। সৰুৰে পৰা যাক নিজৰ ছোৱালীৰ দৰে মৰম কৰিছে , বিশেৰতকৈ তোমাৰ আগত প্ৰতিজ্ঞা কৰিছিলো যে প্ৰাণপণেও তেওঁক সকলো বিপদৰপৰা ৰক্ষা কৰিম। এতিয়া-কেনেকৈ তেওঁক হত্যা কৰে।? বিষম সমস্যা। এপিনে প্ৰভুৰ আদেশ আনপিনে নাৰীহত্যা! নিশ্চয় জানো তাৰৰ গাত একো দোষ নাই (চিঠি-পঢ়ে॥ “শীঘ্ৰে হত্যা কৰ। তেওঁলৈ মই যি চিঠি দিছে। সেই চিঠিয়েই তোক বিশেষ সুবিধা দিব যদি তাৰাৰ