পৃষ্ঠা:তাৰা.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৪৮
৪৮
তাৰা

৩৮ তাৰ। ধৰ্ম্মৰক্ষা কৰিবৰ বাবে তৰোৱাল লৈ যুদ্ধ কৰিবৰ নিমিত্তে যথেষ্ট শক্তি আছে। নিজৰ জন্মভূমিৰ বাবে হাঁহি মুখে জীবন দিবলৈ যথেষ্ট সাই আছে। ৰাজপুত ৰমনীয়ে এতিয়াও পতিপুত্ৰৰ মৃত্যু দেখি ঘঁহি মুখে জ্বলন্ত চিতাত উঠি জহৰ ব্ৰত কৰিব। আমি কৰ নিদিওঁ। ৰামসিংহ-মহাৰাজ অজয়সিংহ! মোৰ আপুনি পিতৃ বন্ধু; বৰ দুখেৰে যই মোগল বাদশাহক আপোনাৰ শত্ৰু বুলি ঘোষণা কৰিবলৈ বাধ্য হলে॥ সেই প্ৰবল প্ৰতাপী মোগলৰ প্ৰতাপ বোধ- কৰো শুনিছে; কিন্তু এই বাৰ নিজ চকুৰে দেখিব। ঘুৰাজদূত, দুদিন থাকি আমাৰ দেশৰ গাওভুইবোৰ ভালকৈ চাই নাযায় কিয়? যদি আমাক পৰাজয় কৰে তেনেহলে এইবোৰ আপোনাসকলৰ; যদি নোৱাৰে তেন্তে আপোনাসকলৰ মাশবোৰ খাই খাই আমাৰ দেশৰ শিয়াল কুকুৰে তৃপ্তি লাভ কৰিব। সিহঁতে আজি বহু দিন নৰমাংস খাব পোৰ। নাই। ৰজা-ৰাজদূত, মই আপোনাৰ ৰজাৰ শত্ৰুৰূপে পৰিণত হলে, কিন্তু আপোনাৰ লগত মোৰ কোনো শত্ৰুতা নাই বিশেষতঃ ৰাজদূত মাননীয়। এতিয়া আপোনাৰ কি উপকাৰ কৰিব পাৰে।? ৰামসিংহ- মহাৰাজ! আপোনাৰ সদ্যৱহাৰত মই বৰ কৃতাৰ্থ। কিন্তু দুখৰ বিষয় এয়ে আমি পুনৰায় যুদ্ধক্ষেত্ৰত শৰূপেহে সাক্ষাত হয়। এতিয়া মোক বিদায় দিয়ক। ৰজাৰঘুপতি! তোমাৰ ওপৰত এই ভাৰ দিলে॥ সাদৰেৰে উপযুক্ত অনুচৰ লৈ এওঁক আমাৰ ৰাজ্যৰ সীমা পৰ্যন্ত আগবঢ়াই থৈ আহা।