পৃষ্ঠা:তাৰা.pdf/৫০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৫০
৫০
তাৰা

৪• তাৰা দৰে তই বিশ্বাসঘাতক নহয়, তেনেহলে আদেশ পালন কৰি চিন দি পঠাবি, অদ্ভূত সন্দেহ! কি কৰে? দয়াময় হৰি! এই সমস্যাৰ মোক এটা উপায় দিয়া। [ তাৰাৰ প্ৰবেশ।] তা—কি চন্দন? চন্দন -আইদেউ, দেউতাৰ পৰা এইখন চিঠি আহিছে। তাৰ-চন্দন, চাওঁ। [ চিঠিখনিত চুমা খাই ] কি লিখা আছে নাজানো, তথাপি ই মোক কিমান আনন্দ দিছে। [ পঢ়ে। মই এতিয়া জয়পুৰ ৰাজ্যৰ সীমাত থকা ৰাজগড় ভীল গাঁৱত ৮ দু- বেশেৰে আহে। তালৈ গলে মোৰ প্ৰাণদণ্ড সেইবাবেই তুমি শীঘ্ৰে ইয়ালৈ আহিব। তোমাক লৈ এই দেশ পৰিত্যাগ কৰিম। হায়! মনৰ দৰে যদি বেগগামী ঘোৰা এট পালেহেতেন। চন্দন। এই ভীল গাওঁখনি চিননে? কিমান দূৰ? ইয়াৰ পৰা কেনেকৈ পলাই যাম? ক, বাৰু ঘণ্টাত কিমান ক্ৰোশ যাব পাৰিম? চন্দন-দিনত দহ ক্ৰোশ কৰি যাব পাৰিলেও আপোনাৰ পক্ষে যথেষ্ট। তাৰা-দহ ক্ৰোশ যাত্ৰ! শূলত দিবলৈ নিয়া মানুহেও চোন ইয়াতকৈ বেছি যাব পাৰিব, তেনেহলে মই ইয়াতকৈও বেছি যাবলৈ নিশ্চয় পাৰিম। মোৰ বৰ আনন্দ হৈছে। বাৰু যা, আজি ৰাতিয়েই ইয়াৰ পৰা পলাই যাম, আৰু গাঁৱলীয়া তিৰোতাই পিন্ধা সাজ এযুৰি মোৰ কাৰণে যোগাৰ কৰিবি। [ চন্দনৰ প্ৰস্থান। ] গধূলি হল! ৰাতি হবলৈ বেছি সময় নাই। ৰাতিটো কেনেকৈ কটাম? মোৰ এনে ইচ্ছা হয়, যেন এতিয়াই উৰি গৈ পালি- তৰ ডিঙিত সাৱটি ধৰেগৈ। বাৰু যাওঁ, পলাবলৈ দিহা কৰোগৈ। [প্ৰস্থান।]