এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪
তাৰা
ছবিবোৰ কাৰ? এইবোৰৰে কি হব? এই হাৰডালিয়ে বহুত কাম দিব, ইয়াকে লৈ যাওঁ। [ তাৰাৰ গলৰ পৰা হাৰ সোলোকাই লয়। ] বাঃ বুকুৰ ঠিক মাজতে এটা তিল। বাৰু? এক কলঙ্কিত নকৰাকৈয়ে কাম ‘ফতে’ হল। এই হাৰডালিয়ে আৰু এই তিলটোৱেই মোৰ উদ্দেশ্য সফল কৰিব। ইয়াত আৰু বেছি সময় থকা উচিত নহয়। সাৰ পালে সকলো বিফল হব। আকৌ সেই পেৰাতে সোমাওঁ গৈ। [ লাহে লাহে কত সোমায় ]
তৃতীয় দৰ্শন
তাৰাৰ শোৱনি ঘৰৰ সন্মুখ
[ ৰঘুপতি।]
ৰঘু- বেলি দুপৰ হল। এতিয়ালৈকে
- তাৰাৰ দেখাদেখিয়েই নাই।
- নাচনীবোৰ এতিয়ালৈকে নাহিল। বাইদেৱে কয় বেলে খং
- উঠা তিৰোতাক সন্তুষ্ট কৰিবলৈ একমাত্ৰ উপায় হৈছে, সিহঁতক
- ভাল ভাল গান শুনোৱা, আকি ভাল ভাল গহনা দিয়া।
- সেই বাবে এই ৰাজ্যৰ যিবোৰ ভাল নাচনীয়াৰ সিহঁতকে
- মাতি আনিছোঁ৷ আহা!
- নৰ্ত্তকীসকলৰ কেনে সুন্দৰ
- ৰূপ! কেনে সুন্দৰ
- গায়। কেনে সুন্দৰ নাচে! লগে
- লগে প্ৰাণ মতলীয়া কৰি উৰুৱাই নিয়ে।
- বাইদেৱে হলে
- সদায় কয় বোলে তাৰাক বিয়া কৰাব পাৰিলে ৰজা হোৱাৰ আশা
- আছে। নহলে সিহঁতৰে এজনী বিয়া কৰালোঁহেঁতেন।
[ নাচনীসকলৰ প্ৰবেশ।