পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
তাৰকাসুৰৰ যুদ্ধ।

নগৰৰ হন্তে যদি খেদিবাক পাৰোঁ‌।
বধিবে তাহাক পাছে আন বুদ্ধি কৰোঁ‌॥
চেষ্টাৰ অসাধ্য নাই তিনিয়ো ভুবন।
অবশ্যে হৈবেক মহা পাপীৰ নিধন॥
সাজা সবে দেবগণে বিলম্ব নকৰা।
আচম্বিতে সকলে দৈত্যক বেঢ়ি ধৰা॥
এহি বুলি ভক্তৰ দুঃখক দেখি হৰি।
সাজিয়া ধাইলেক তাৰকাক ক্ৰোধ কৰি॥
গৰুড়ৰ কন্ধে হৰি কৰিলা গমন।
লগত চলিলা পাছে যত দেবগণ॥
পৰম আনন্দ সুৰপতিৰ মনত।
সবে বোলে নিশ্চয় তাৰকা হৈব হত॥
ঋষিয়ে বোলন্ত শুনিয়োক জন্মেজয়।
ভকতক কিনো কৃপা কৰে দয়াময়॥
যাৰ মায়া মাত্ৰ ইতো বিশ্ব চৰাচৰ।
তাৰ কিবা যুদ্ধ শত্ৰু মিত্ৰ পৰাপৰ॥
ভকতৰ মহিমাক কৰিবে প্ৰচাৰ।
কৰয অনেক লীলা জানা সৰে সাৰ॥
যাৰ লোমকূপে কোটি কোটি মহেশ্বৰ।
তাক কি বাধিবে পাৰে মহেশৰ বৰ॥
ভকতৰ ভয়হাবী কৃপাৰ সাগৰ।
নভজি তাহাক মৰে মন্দমতি নৰ॥
অতএব কহুঁ‌ শুনা স্বৰূপ বচন।
ভজিয়ো হৰিৰ পদে কৰিয়ো কীৰ্ত্তন॥