পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তাম্ৰেশ্বৰীৰ মন্দিৰ

সতি-সন্তান। তেওঁবিলাক হেনো আগৰ মিশ্ৰ ব্ৰাহ্মণ, ক্ষত্ৰিয় ইত্যাদি জাতিৰ হে মানুহ অছিল। পৰশুৰামে তেওঁবিলাকক তেওঁৰ “কুণ্ড” ৰক্ষা কৰি থাকিবলৈ এৰি যোৱাত তেওঁবিলাক আৰ্য্য জাতিৰ সংমিশ্ৰণৰ- পৰা আঁতৰ হোৱা বাবে হেনো এতিয়া এটা অসভ্য পৰ্ব্বতীয়া জাতিত পৰিগণিত হৈছে। এতিয়াও পৰশুৰাম কুণ্ডলৈ যোৱা যাত্ৰীক মিচিমি নাৱৰীয়াইহে ব্ৰহ্মপুত্ৰ পাৰ কৰি দিয়ে। “কুণ্ডত” স্নান কৰা যাত্ৰীসকলৰ তিওৱা কাপোৰ মিচিমি, মিচিমিয়নীয়ে নিয়ে। আগেয়ে বাট-পথৰ সুচল নথকাত পৰশুৰাম কুণ্ডৰ যাত্ৰীয়ে মিচিমি ৰজাৰ তালৈ গৈ তেওঁক আফিং, টকা, মদ্, ইত্যাদিৰ ভাৰ-ভেটী দিলেহে হেনো পৰশুৰাম কুণ্ডলৈ যাব পাৰিছিল। মিচিমি ৰজাই ভাৰ-ভেটী গ্ৰহণ কৰি যাত্ৰীৰ লগত মিচিমি মানুহ দিছিল। সেই মিচিমিসকলে হাবি জঙ্গল কাটি, বাট দেখুৱাই যাত্ৰীক পৰশুৰাম কুণ্ডলৈ নিছিল আৰু আকৌ মিচিমি ৰজাৰ ওচৰলৈ ওলটাই আনিছিল। এতিয়া সুগম বাট-পথ আমাৰ ইংৰাজ ৰজাৰ বিষয়াই কৰাই দিয়াৰ কাৰণে পৰশুৰাম কুণ্ডলৈ যাবলৈ সুচল হৈছে যদিও মিচিমি নাৱৰীয়াই লুইত পাৰ কৰি নিদিলে যাত্ৰীয়ে পৰশুৰাম কুণ্ড নাপায়গৈ। লোহিত পাৰ হৈ ঠায়ে ঠায়ে শিলৰ ওপৰেদি হাবিৰ মাজেদি সুৰ-সুৰীয়া বাটেৰে, ওপৰত সোঁ-সোঁকৈ বতাহ বলি থকা দীঘল দীঘল গছৰ তলেদি প্ৰায় পাঁচ মাইল মান বাট খোজ কাঢ়ি যাব লাগে। ঠাই অতি মনোহৰ, গহীন আৰু নিস্তব্ধ। মিচিমিসকল বৰ্ত্তমানে এটা পৰ্ব্বতীয়া জাতি হলেও তেওঁলোকৰ অনেকৰে দীঘল আৰু টন্ টনিয়া নাকে সুচায় যে তেওঁবিলাকৰ সৰহ ভাগেই অতীজত আৰ্য্য জাতিহে আছিল। এতিয়াও হেনো কেঘৰমান মিচিমিয়ে কৃষ্ণসাৰ পহুৰ ছালৰ লগুণ সাজি কিবা কিবি পূজা পাটল কৰি সেই লগুণ পিন্ধে আৰু এই কেইঘৰ মানুহে হে হেনো সকলো মিচিমিৰে ক্ৰিয়া কলাপ, দেওপূজা ইত্যাদি কৰে।

 যদিও মিচিমিসকল আগৰ ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়হে, তথাপি ভীষ্মকৰ অধিষ্ঠাত্ৰী দেৱী, মিচিমিসকলে লৈ যাব খোজাত, অন্তৰ্দ্ধান হৈছিল হেনো। পিছত চুতীয়াসকলৰ ভিতৰত ৰত্নপাল ৰজা পৰাক্ৰমী হৈ উঠিলত এই শিলৰ মূৰ্ত্তি (তামাৰ মাই) হেনো এদিন চুতীয়া ৰজা আৰু প্ৰজাক দেখা দিবলৈ পানীত ওপঙি উঠিছিল। পিছত এই মূৰ্ত্তিক হেনো হিন্দু আৰু আন জাতিৰ মানুহে নিব খোজাত মূৰ্ত্তিখান ইমান গধুৰ হৈছিল যে কুৰি পঁচিশ জন মান মানুহেও মূৰ্ত্তি খান ঠাইৰপৰা