পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
তাম্ৰেশ্বৰীৰ মন্দিৰ

 ফুলেশ্বৰী — “তেওঁ প্ৰমাণ কৰিব পাৰিবনে?”

 আঘণী — “পাৰিম বুলি তো কৈছে। যদি তেওঁ নোৱাৰেও তেনেহলেও ধনেশ্বৰে যেতিয়া দেউতা ঈশ্বৰৰ আগত জনাইছিল যে তেওঁ আহোম হল, তেতিয়াই তেওঁক দেউৰীসকলৰ বলি দিবৰ কোনো এক্তিয়াৰ নাই। ইওটো আইদেৱে জনাব দেউতা ঈশ্বৰক!”

 ফুলেশ্বৰী — “বাৰু আঘণী! সি যদি আহোম হয় আৰু ৰক্ষা পৰে তেন্তে তইও আহোমনী হবিনে?”

 আঘণী — “হম আইদেৱ ঈশ্বৰী! তাত কি কথা আছে?”

 ফুলেশ্বৰী — “আঘণী! মই তোৰ কথাত বৰ সন্তুষ্ট হলো। ধনে- শ্বৰলৈ তোৰ অকপট প্ৰেম, পবিত্ৰ মৰম মই শলাগোঁ। আজিৰ পৰা মই তোক মোৰ এজনী আহোমনী ভনীটি বুলি ললো। মই দেউতাৰ ভৰিত ধৰি খাটিম ধনেশ্বৰক এৰি দিবলৈ। পিছত তই গই বৈষ্ণবীক সষ্টম কৰগৈ যাতে তেওঁ দেও পৰীক্ষাটোত চল-চক্ৰান্ত কাৰসাজি হৈছিল এইটো প্ৰমাণ কৰিব পাৰে। ”

 ফুলেশ্বৰী আইদেৱৰ এই কথাত আঘণীয়ে চকুৰ আনন্দ আৰু কৃতজ্ঞতা অশ্ৰুৰে ফুলেশ্বৰী আইদেৱৰ ভৰি তিয়াই সেৱা কৰি বৈষ্ণবী মাতৃৰ ওচৰ পালেগৈ।

২৫

 ধনেশ্বৰৰ নিবেদনমতে দেউৰীসকলে আঘণীক ধনেশ্বৰক তামাৰ মাইৰ প্ৰসাদ নিতৌ আনি দিবলৈ অনুমতি দিবলৈ বাধ্য হল। সেই অনুসৰি সেইদিনা ফুলেশ্বৰী আইদেৱত খাটনি কৰি আহিবৰ পিচ দিনাৰপৰা আঘণীয়ে ধনেশ্বৰক প্ৰসাদ পানী ইত্যাদি দিয়াত পৰিল। ভাত পানী দিয়াৰ লগে লগে আঘণীয়ে সৈতে ধনেশ্বৰে নানা ইষ্টআলাপ, প্ৰেম সম্ভাষণা আদিও কৰিবলৈ পাইছিল। কেতি- য়াবা কেতিয়াবা দুয়ো গলত ধৰা-ধৰি কৰি কান্দিছিলো। ধনেশ্বৰে এদিন কলে, আঘণী! মই মৰিবৰ সময়তো তোৰ নাম লই ঈশ্বৰ কৃষ্ণত জনম যেন ইহ জনমত নহল নাই, সি জনমত দুয়ো লগ লাগিম। তাৰ এই কথাত আঘণীয়ে কান্দিলে। অষ্টমীলৈ পাঁচ দিনমান থাকোতে এদিন আঘণীয়ে কলে, “ধনাই! তই মোক ভাল নোপোৱা হলে তোৰ কিজানি দুৰ্দ্দশা নহলহেঁতেন। তই এটা