যদিও লাংফাই দেউৰী এই মন্দিৰৰ প্ৰধান পূজক আৰু পুৰোহিত আছিল তথাপি মন্দিৰৰ সেৱা-পূজা আৰু বলি বিধানৰ বিষয়ে লাংফায়ে প্ৰায় সততে এই বামাচাৰী তান্ত্ৰিকৰ দিহা-পৰামৰ্শ মতেহে চলিছিল। লাংফায়ে এই বামাচাৰী তান্ত্ৰিকৰ ক্ৰিয়া আৰু ক্ষমতা দেখি তেওঁক ভয় কৰিছিল।
ভাদ মাহৰ এক কি দুই তাৰিখে বামাচাৰী তান্ত্ৰিকে ভাটিবেলীয়া নিজৰ বহাত মদ পি পি বহি আছিল; এনেতে লাংফাই দেউৰী আহি তেওঁৰ আগত বহি কথা-বতৰা পাতিবলৈ ধৰিলে। তান্ত্ৰিকজনে কলে :— “পিছত পূজাৰী, এইবেলি তামাৰ মাইৰ পূজাত ডাঙৰ বলিনো কেইটামান পৰিব?”
লাংফাই — “এইবেলিও ৰজাঘৰীয়া দ্ৰোহী বা প্ৰাণদণ্ড পাব লগীয়া মানুহ নাই। ”
তান্ত্ৰিক — “তেন্তে ষাঁড়ৰ খেলৰপৰা যি এজন পোৱা যাব সেয়েহে হব হবলা। ”
লাংফাই — “এৰা অকল সেইটোৱেই হে হব। পিছত মোৰ এটা নিবেদন আছে। ”
তান্ত্ৰিক — “কোৱা তোমাৰ নিবেদনটো। ”
লাংফাই — “বাবাজী! এইবেলি ষাড়ৰ খেলৰ ডেকা এটাই মোক বৰ উপদ্ৰব কৰিলে। দেও পৰীক্ষাত সেই ডেকাটোকে বলিত পেলাব নোৱাৰিনে?”
তান্ত্ৰিক — “নিশ্চয় পাৰি। তুমি যাকে বলিত পেলাব খোজা মই তাকে পেলাই দিব পাৰোঁ। মাৰ কৃপাত এই নিঃকিনৰ গাত এই ফেৰা ক্ষমতা আছে। ডেকাটোৰ নাম কি?”
লাংফাই — “তাৰ নাম ধনেশ্বৰ। ”
তান্ত্ৰিক — “বাৰু দেও পৰীক্ষাৰ দিনা মোক তোমাৰ লগত নিবা। ”
লাংফাই — “ভাল নিম বাৰু। ”
(১৭)
চাওঁতে চাওঁতে ভাদ মাহ প্ৰায় যাবলগীয়া হল। এই দুমাহে কমলেশ্বৰ গোঁহাইদেৱৰ তলত কনকেশ্বৰ গোঁহায়ে আৰু ইফালে