পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
তাম্ৰেশ্বৰীৰ মন্দিৰ

কৰি আষ্ট-আদৰ কৰিলি তোকনো মই কি দিম। মুঠতে ইয়াকে কওঁ ঈশ্বৰ কৃষ্ণত তোৰ ভকতি বাঢ়ক। ঈশ্বৰ কৃষ্ণই তোক সুখী কৰক। পিছত মই তোক কথা এটা সোধো, তই মোক একো লাজ নকৰি অকপট চিত্তেৰে কবিনে?”

 আঘণী — “আই সোধক। মই অকপট চিত্তেৰে কম। ”

 বৈষ্ণবী — “তেনেহলে আই কচোন, মনেশ্বৰ আৰু ধনেশ্বৰৰ ভিতৰত তই কাক বেছি ভাল পাৱ?”

 আঘণী — “আই! মই ধনেশ্বৰক বেছি ভাল পাওঁ; কিয়নো সি ভিন জাতিৰ হলেও তাৰ চিত্ত সৰল, আৰু সি বীৰ। কিন্তু আই! তাৰে সৈতে মোৰ বিয়াতো হব নোৱাৰে; সেই দেখি তাক মই ভাল পোৱা বা নোপোৱা সমান কথা। ”

 বৈষ্ণবী — “আই! সি তোক বিয়া কৰাব পৰা নপৰাটো পিছ কথা; কিন্তু সি যদি কোনো প্ৰাণৰ সঙ্কটত পৰে তই তাক ৰক্ষা কৰিবলৈ চেষ্টা কৰিবিনে?”

 আঘণী — “আই! আপোনাক জনাওঁ মই নিজৰ জীউটো দিও তাক ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। ”

 বৈষ্ণবী — “তেনেহলে বাছা! তোক মই কথা এটা কৈ থওঁ। এইবেলি দুৰ্গা পূজাৰ দুমাহমানৰ আগৰেপৰা ধনেশ্বৰৰ এটা বৰ ঘাতুক ৰিষ্ট আছে আনকি তাৰ প্ৰাণৰো সংশয় আছে। সেই সময় আহিলে তই মোৰ বুদ্ধি লবি আৰু মোক সহায় কৰিবি দেই। ”

 আঘণী — “আই! সেই সময়ত আপোনাক কত পাম। ”

 বৈষ্ণবী — “আই! চিন্তা নকৰিবি। সময় উপস্থিত হলে মই নিজেই তোৰ ওচৰলৈ আহিম। বাছা! এতিয়া বিদায়হে হওঁ। ”

 আঘণী — “ভাল আই। সেৱাহে জনালো। ”

 বৈষ্ণবীয়ে তেতিয়া “বাছা সুখী হ” এই বুলি আশীৰ্ব্বাদ দি মন্দিৰৰ ফাললৈ আহিল।

১৬

 তাম্ৰশ্বৰী মাতৃৰ মঠ থকা গড়টো দীঘে প্ৰায় একুৰি পাঁচ নল, পথালীয়ে প্ৰায় পোন্ধৰ নল — এই ইটাৰ গড়ৰ সোঁ-মাজতে মঠটো আছিল। গড়টোৰ চাৰিওফালে চাৰিখন দুৱাৰ আছিল। মঠৰ