পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
তাম্ৰেশ্বৰীৰ মন্দিৰ

১১

 ঘৰত অলপ পৰ জিৰাই-সতাই ধনেশ্বৰ বৈষ্ণবীৰ ওচৰলৈ আহিল আৰু বৈষ্ণবীক, সাধু দুজনক সেৱা সৎকাৰ কৰি অলপ খৰি-খেৰ গোটাই দি তেওঁলোকৰ ওচৰত পাৰি থোৱা কঠ এখানত বহিল। বৈষ্ণবীয়ে সুধিলে “বাৰু ধনেশ্বৰ। আজিনো গোঁহাইদেৱৰ চৰাত কিহৰ মেল হৈছিল?”

 ধনেশ্বৰ — “আই। লাংফাই বৰদেউৰীয়ে সৎৰাম আৰু মনাই দেউৰীক লগত লই আহি শদিয়াখোৱা গোঁহাইদেৱৰ আগত সেইদিনা ভূঁইতলিত হোৱা দনখনৰ বাবে মোৰ ওপৰত এটা গোচৰ দিছিল। ”

 বৈষ্ণবী — “কি বুলি গোচৰ দিছিল কোনো কথা নুলুকুৱাকৈ মোক কচোন। ”

 ধনেশ্বৰ — “আই! মই ভুঁইতলিত কাঁড়ৰ খেলত জিকি আঘণীক দুটা চুমা খাইছিলো। মনায়ে সেই কথাকে দহখন কৰি বাপেক সৎৰামক লগালে। সৎৰামে লাংফাই দেউৰীক লগাই, মনেশ্বৰ আৰু লাংফাইক লগত লৈ আহি মোক দণ্ড-বন্ধ কৰাবলৈ শদিয়াখোৱা গোঁহাইদেৱক গোচৰ দিছিল। ”

 বৈষ্ণবী — “তই দৰাচলতে আঘণীক চুমা খাইছিলিনে? তই দেখোন সিদিনা এইটো কথা কোৱা নাছিলি। ”

 ধনেশ্বৰ — “আই! মই আঘণীক চুমা খাইছিলো। সেই দিনাখন আপোনাক কবলৈ লাজ লগাতহে কোৱা নাছিলো। ”

 বৈষ্ণবী — “মোৰ বিবেচনাৰে তই এইফেৰা অন্যায় কৰিছিলি। ”

 ধনেশ্বৰ — “আই! তাই মোক কাঁড় মৰাত জিকা দেখি মোৰ পিঠিত চপৰিয়াইছিল। মইও তাইক যেতিয়াই ভাল পাওঁ — অকপট চিত্তেৰে ভাল পাওঁ — তেতিয়াই মই তাই পিঠিত চপৰিয়াই প্ৰসংসা কৰাৰ বাবে চুমা খাইছিলো। এইটো যদি অন্যায় হৈছে তেন্তে আই। মোৰ আৰু উপাই নাই। ”

 বৈষ্ণবী — “বাৰু; তই যে তাইক ভাল পাৱ, তই জানো তাইক বিয়া কৰাব পাৰিবি? তই হলি চুতীয়া জাতিৰ ডেকা, তাই হল দেউৰী জাতিৰ গাভৰু, এনেস্থলত তাইক জানো তাইৰ বাপেক তোলৈ বিয়া দিব?”