পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
তাম্ৰেশ্বৰীৰ মন্দিৰ

তোৰ প্ৰাণ ললেহেঁতেন। মই গাহৰিটো মাৰি তোৰ জীৱ ৰক্ষা কৰিলো, তই কত মোৰ শলাগ লবি নে তই মোক চকু ৰঙা কৰি খঙহে দেখুৱালি।

 মনেশ্বৰ — “হেৰ নিলাজ! তই বৰ ফুটনি নকৰিবি। মই এই পাত কাঁড়েদি গাহৰিটো বগৰালোহেঁতেন।

 ধনেশ্বৰ — “হেৰ কটা। তোক মই ভাল কথা কওতে তই মোক আকৌ গালিহে পাৰিলি। বাৰু! আমাৰ আঘণী গাভৰুয়েই কওক কাৰ হাত কাঁড় মৰাত বেছি থিৰ। ”

 মনেশ্বৰ — “বাৰু আঘণীয়েই কওক। মই যে গাহৰিটো মোৰ কাড়ৰে পেলোৱা নাছিলোঁ তাৰ কাৰণ মই গাভৰুৰ গাত কেনেবাকৈ কাঁড় পৰে বুলিহে সাৱধানে কাঁড় মাৰি গাহৰিৰ খঙ তুলি তাক মই মোৰ ফাললৈ ঢাল খুৱাইছিলো। মই এইদৰে ঢাল খুউৱাৰ কাৰণেহে আঘণী ৰক্ষা পৰিল। ”

 ধনেশ্বৰ — “বাৰু অ কেনে গওপটো মাৰিছে। তোৰ হাতৰ থিক নাই অথচ নিজৰ অক্ষমতাটোকে এইদৰে বখানিছ। ”

 মনেশ্বৰ — “হেৰ ষাড়ত পৰি মৰা চুতিয়া, তই মোৰ খং নুতুলিবি দেই। ”

 ধনেশ্বৰ — “খং উঠিলেনো তই মোক কি কৰিবি। ”

 মনেশ্বৰ — “তোক একেপাত কাড়েদিয়েই শালি থম জানিছনে?”

 ধনেশ্বৰ — “বাৰুতো অ! বাৰু মাৰচোন তোৰ কাড় মোৰ গালৈ আগেয়ে। ”

 এই কথাতে মনেশ্বৰে তাৰ কাঁড়পাত দিলে মাৰি ধনেশ্বৰৰ গালৈ। ধনেশ্বৰে চকুৰ পচাৰতে গাটো দিলে একতিয়া কৰি, কাঁড় পাত ধনেশ্বৰৰ গাত নালাগিল। এনেতে ধনেশ্বৰে তাৰ পাত কাড় ধেনুত যুৰিবলৈ ধৰোতেই আঘণী গাভৰু আহি দুয়োজন ডেকাৰ মাজত ঠিয় হৈ দোহায় দিবলৈ ধৰিলে — কিয়নো তাই বঢ়িয়াকৈ জানিছিল যে ধনেশ্বৰৰ সন্ধান অব্যৰ্থ। হেৰ মনেশ্বৰ! হেৰ ধনেশ্বৰ! তহঁতে সামান্য কথা এটাত যুজ কৰি মৰিব খুজিছ কেলেই! বাৰু তহঁতৰ কাৰ হাত কিমান থিৰ ইয়াৰ মই পৰীক্ষা এটা লমনে?”

 মনেশ্বৰ — “বাৰু ল পৰীক্ষা। ”

 ধনেশ্বৰ — “বাৰু ময়ো সম্মত আছো। ”