পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তাম্ৰেশ্বৰীৰ মন্দিৰ

 বৈষ্ণবী — “ভাল দেউতা ঈশ্বৰ। এতিয়া উঠোহে। ”

 উৰ্দ্ধবাহু, বৈষ্ণবী, বৈৰাগী, মন্দিৰলৈ যাওঁতে বাটত আহি ৰই থকা ল'ৰা-ছোৱালীবিলাকো তেওঁলোকৰ পাছে পাছে গ’ল। তেওঁবিলাক গৈ সেই আলহী ঘৰত সোমাই বহিবলৈ নৌ পাওঁতেই এজন চুতীয়া ডেকাই মন্দিৰৰ বাহিৰত থকা নামঘৰটোৰ এচুকৰপৰা বাঢ়নি এটাৰ আনি আলহী ঘৰটো ততালিকে সাৰি-পুছি দিলে। তাৰ পিচত তিনিখন ঢাৰি-কঠ আনি পাৰি দিলে। তেওঁবিলাকে তেতিয়া ঘৰৰ ভিতৰলৈ সোমাই গৈ সেই পাৰি দিয়া ঢাৰি-কঠত তিনিউজন বহিল আৰু চুতীয়া ডেকাজনক হাত তুলি আশীৰ্ব্বাদ দি কলে — “বাছা! দীৰ্ঘজীবি হোৱা। ” ইয়াৰ পিছত সেই ডেকাজন ওলাই গই দুডাল ডাঙৰ ডাঙৰ কাঠ আনি ধূনীস্বৰূপে আৰু সৰু সৰু খৰি দি জ্বলাই দিলে। ইবিলাক লৰা-ছোৱালীয়ে তেওঁলোক তিনিওকে বেঢ়ি লই যেয়ে যিহকে পালে সুধিব ধৰিলে। তেওঁবিলাকে আমনি পালেও সেই আমনি নেদেখুৱাই মৰমেৰে যথাযোগ্য উত্তৰ দিলে। এনেতে আমাৰ সেই চুতীয়া ডেকাজনে দুটা মাটি কলহ আনি নৈৰপৰা পানী আনি দিলে আৰু এটা নে দুটা মাটিৰ ঘটো আনি দিলে। সাধু কেইজনে জুই আৰু পানী এই দুটা ৰতন পাই পৰম সন্তোষ পাই ডেকাজনক শলাগি আকৌ আশীৰ্ব্বাদ দিলে। তিনিউ এজন এজনকৈ ভৰি-হাত ধুই ধুনীৰ ওচৰত বহিল। গধূলি হল, ইবিলাক ল’ৰা-ছোৱালী ঘৰ-ঘৰি গল। শদিয়া খোৱা গোহাঁইদেৱৰ ঘৰৰপৰা মাহ, চাউল, ঘিউ, নিমখ, শাক-পাচলি প্ৰায় সাত দিনলৈ খাব পৰা জোখাৰে আহিল। তেতিয়া বৈষ্ণবীয়ে জোলোঙাৰপৰা এটা বটলহি উলিয়ালে আৰু তাতে তিনি পোৱা চাউল, তিনি পোৱা ডালি দি তাতে এফেৰা ঘিউ দি ধুনীৰ ওপৰত তুলি দিলে। চুতীয়া ডেকাজনে কেখিলামান কলপাত কাটি আনি দিলে। বটলহিত যেতিয়া সেইবিলাক সিজিল, তেতিয়া সেই সমস্তকে ঢালি থৈ আকৌ তৰ্কাৰি এখান, শাকে-পাতে লাৱে- বেঙেনাই একেলগে ৰান্ধি পেলালে। পিছত বৈষ্ণবীয়ে জোলোঙাৰপৰা এখান সৰু ঠাল আৰু এডোখৰ কৰ্পূৰ উলিয়াই কৰ্পূৰ ডোখৰ জ্বলাই আৰতি কৰিলে। ইয়াৰ পিছত সেই ভোগ বৈষ্ণবীয়ে এখন পাতত