পৃষ্ঠা:তাঁতিৰ জুনা.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২)

কিনো মোৰ ভাগ্য আজি মিলিলা।
ত্ৰাহি বুলি তাঁতি পাৱে পৰিলা॥
তাৰ পাছে তাঁতি ভৃঙ্গাৰ আনি।
ধুৱাইলা প্ৰভুৰ পাৱ দুখানি॥
পাদুদক জল শিৰে তুলি লৈলা।
তাৰ পাছে কৃষ্ণক সুধিবাক লৈলা॥
কিবা প্ৰয়োজনে আসিলা গোসাঁই।
পাছে তযু কিবা শুনো অভিপ্ৰায়॥
যিসক বিচাৰি আসিলো মই।
সাৱশেষে কহোঁ শুনিবি তই॥
বিষ্ণু পুৰি নাম বৈকুণ্ঠ স্থান।
তাতো নেপাইলো তোহোৰ সমান॥
ব্ৰহ্মা যৈত থাকে সিও ব্ৰহ্মলোক।
তাতো বিচাৰি নেপাইলোহো তোক॥
শিৱ যৈত থাকে সিও কৈলাস ঠাই।
তাতো বিচাৰি নেপাইলোহো মই॥
যম পুৰে যম আছে যতেক।
যমে আনি দিলে সকলো মোক॥
তাতো বিচাৰি নেপাইলোহো তাঁতি।
মনত বিষাদ লাগিল আতি॥
পাছে বলী ৰাজা সভাক গৈলো।
বলী ৰাজা মুখে বাৰ্ত্তাক পাইলো॥
বলী ৰাজা শুনি কহিবাক লৈলা।
সেই তাঁতি প্ৰভু পৃথিবীক গৈলা॥