পৃষ্ঠা:তাঁতিৰ জুনা.pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাঁতি-জুনা৷

শ্ৰী কৃষ্ণায়ে নমঃ।

আনন্দে মোহন বাংশী বজাই।
গৈলন্ত গোসাঁই তাঁতিৰ ঠাই॥
দূৰতে দেখিয়া তাতি হাসয়।
আমাৰ গৃহক হৰি আসয়॥
তাঁতিয়ে দিলন্ত আসন বঢ়াই।
ৰঙ্গকৰি বসিলা যদুৰাই॥
কৰ্পুৰ তাম্বুল খাইবাক দিলা।
অনেক সেৱা সুশ্ৰুষা কৰিলা॥
যাৰ নাম লৈলে বৈকুণ্ঠ বাস।
হেন কৃষ্ণ আমাৰ গৃহক আসে॥
ব্ৰহ্মা হৰে যাক নাপাই লাগ।
কিনো মোৰ ভাগ্য পাইলো লাগ॥
ভাগ্যেসে সেৱা কৰিবাক পাইলো।
কোটি কোটি জন্ম উদ্ধাৰ ভৈলো॥