পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
অসমৰ মুদ্ৰা।

ডাঠ আৰু ইয়াৰ সোণ জুইৰ আগ যেন উত্তম। দুই প্ৰকাৰে মুদ্ৰা প্ৰস্তুত কৰা হৈছিল। ডাঠ চটিয়া সোণৰ পাট খণ্ডখণ্ডকৈ জোখমতে কাটি কাটি মুদ্ৰা কৰা হৈছিল। তাৰ পিছত ৰজাৰ নাম আৰু শকাব্দ লিখা হৈছিল। সোণ ৰূপ গলাই সাঁচত ঢালিও মুদ্ৰা কৰা হৈছিল। শেহৰ বিধ মুদ্ৰা প্ৰস্তুত প্ৰণালী উজু আৰু সুচল আছিল। ভিতৰুৱাল বৰুৱাৰ তত্ত্বাবধানত মুদ্ৰা প্ৰস্তুত কৰা হৈছিল।

 কোচৰজা সকলৰ নাৰায়ণী টকাত বাদেও মোৱামৰীয়া বিদ্ৰোহৰ সময়ত ভৰতচিং নামেৰে এজন প্ৰতাপী মোৱামৰীয়াই নিজ নামত মোহৰ মৰাইছিল। মছলমানৰ আক্ৰমণৰ সময়ত মিৰজুমলাই গৰগাওঁত দিল্লীৰ বাদছাহ আৰঙ্গজেবৰ নামেৰে এই দেশত কিছুমান সোণ ৰূপৰ মুদ্ৰা কৰাইছিল। এইবোৰ মুদ্ৰা ঘূৰণীয়া আৰু ফাৰ্চ্চী ভাষাত লিখা। মছলমানৰ আক্ৰমণৰ সময়ত আহোম ৰাজে মিত্ৰতা স্থাপন কৰি বছৰি সোণৰ আৰু ৰূপৰ মুদ্ৰাৰে পেছকছ সোধাৱা কথা বুৰঞ্জীত উল্লেখ আছে। অকল ৰমণী গাভৰুৰ লগত দিল্লীৰ বাদছাহলৈ ২,০০০ সোণৰ মোহৰ আৰু ১২,০০০ ৰূপৰ মোহৰ অন্যান্য বস্তুত বাদেও যৌতক দিয়া হৈছিল। মুদ্ৰাবোৰৰ সোণ ঘাইকৈ সুবনশিৰী নৈৰ পৰা পোৱা হৈছিল। সোনো