পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
তত্ত্ব আৰু তথ্য।

ৱাল জাতিয়ে নৈৰ বালি ধুই বছৰি ৰজাঘৰত সোণ যোগাব লাগিছিল। ফটীয়া-ই-ইব্ৰীয়াহত লিখা আছে যে দহহেজাৰ মান মানুহ সোণ ধোৱা কামত নিযুক্ত আছিল। এনেকৈ প্ৰতিমানুহে বছৰি গড়ে এতোলাকৈ সোণ পাইছিল। অইন দেশৰ পৰাও যে সোণ ৰপ্তানী নহৈছিল এনেটো সঠিককৈ কব নোৱাৰি।

 সোণৰূপৰ মুদ্ৰাবোৰ অলঙ্কাৰৰূপেও ব্যৱহাৰ হৈছিল। আজিও সোণৰ চৰতীয়া আদমহীয়া আৰু মহাৰ গলপতা সমাজত প্ৰচলিত আছে। টকা আধলিৰ আঙ্গঠি এতিয়াও অলঙ্কাৰৰূপে ব্যৱহাৰ হয়।

 মুদ্ৰ বুৰঞ্জীৰ প্ৰধান উপকৰণ। কাৰ পিছত কোন জন ৰজা হল, কোনবংশৰ ৰজাই কেতিয়া কোন দেশত ৰাজত্ব কৰিলে, কোন ৰজাৰ দিনত কি ধৰ্ম্মৰ প্ৰভাব আছিল, কোন দেৱতাৰ কি আখ্যান কেতিয়া সমাজত কি দৰে চলিছিল—এইবোৰৰ সম্ভেদ মুদ্ৰাৰপৰা পাব পাৰি। কেতিয়াবা নতুন মুদ্ৰাৰ আবিষ্কাৰ হলে বুৰঞ্জীত নতুন যুগৰ প্ৰবৰ্ত্তন হব পাৰে। ভাৰতৰ মুদ্ৰাই নতুন তথ্য আবিষ্কাৰ কৰিব লাগিছে। যি দেশৰ অতীত কাহিনী অতি গৌৰৱময়, যি দেশৰ বিদ্বৎজনে তাহানিৰ নলণ্ড বিশ্ববিদ্যালয়ত আসন পাইছিল আৰু যি ঠাইৰ যুদ্ধ-কৌশলে মোগল সম্ৰাটকো চমক লগাইছিল সেই