পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
অসমৰ মুদ্ৰা

যোগিনীতন্ত্ৰত অসমদেশক “অষ্টকোণাঞ্চ সৌমাৰং যত্ৰ দিক্কৰবাসিনী” বোলা হৈছে। দেশখন আঠকোণীয়া দেখি সৌমাৰেশ্বৰ আহোমৰাজে ৰূপ বা মোহৰবোৰো আঠকোণীয়া কৰাইছিল। কোচৰজা সকলৰ মোহৰক নাৰায়ণাৰূপ বোলা হৈছিল।

 আহোম যুগত কোনন স্বৰ্গদেৱৰ দিনৰ পৰা মূদ্ৰা প্ৰচলন হল সেই বিষয় দুইমত। কাশীনাথ তামুলি ফুকনৰ মতে কোচবিহাবৰ নৰনাৰায়ণ ৰজাই নিজ নামত মোহৰ মৰোৱাৰ কথা শুনি স্বৰ্গদেৱ চুচেংফায়ো মোহৰ মৰালে। মিঃ গেইট চাহাবৰ মতে চুক্লেনমুঙৰ দিনৰ পৰাই মোহৰ মৰা হৈছিল। জয়ধ্বজসিংহৰ দিনৰ পৰাহে সৰ্ব্ব সাধাৰণৰ মাজত মুদ্ৰাৰ বহুল প্ৰচলন হবলৈ ধৰিলে।*

 এই মুদ্ৰাবোৰৰ দুয়ো পিঠিতে সংস্কৃত শ্লোকত ৰজাৰ নাম লিখা থাকে আৰু শকাব্দৰ উল্লেখ থাকে। মুদ্ৰাবোৰ ঘাইকৈ সোণৰ আৰু ৰূপৰ কৰা হৈছিল। তামৰ মুদ্ৰাৰ প্ৰচলন এই দেশত মুঠেও নহৈছিল। আগচোৱাত কড়ি চলিত আছিল। চৰতীয়া, আদমহীয়া, মহা, আধলি ইত্যাদি ভাগে ভাগে মুদ্ৰা কৰা হৈছিল। এইবোৰ মুদ্ৰাৰ আকাৰ

টকাতকৈ অনুক্ৰমে ক্ষুদ্ৰ আছিল। গতিকে কোনোটোত

৩৩ বছৰ বাঁহী—পৃঃ ৪৩৩