পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
তত্ত্ব আৰু তথ্য।

অৰ্থাৎ খৃষ্টীয় অষ্টম বা নৱম শতাব্দীৰ পৰা অসমত মুদ্ৰা প্ৰচলন হোৱা বুলি ধৰিলে বোপকৰো যুক্তিৰ পৰা আঁতৰা নহব। কিয়নো খৃষ্টীয় ৬ষ্ঠ বা ৭ম শতাব্দীক পণ্ডিতসকলে ভাৰতীয় মুদ্ৰাৰ যৌৱনাবস্থা বুলিছে।

 অসমৰ মুদ্ৰাবোৰ ঘাইকৈ এই কেই শ্ৰেণীত ভগাব পাৰিঃ-(১) কঠালগুটীয়া টকা (২) গাহৰি মোহৰ (৩) কতিয়াকণীয়া টকা (৪) বান্দী মোহৰ (৫) চিকাৰূপ (৬) কেচাৰূপ (৭) ৰজাৰূপ বা আঠকোণীয়াটক। (৮) নাৰায়ণীৰূপ। কঠালগুটীয়া টকা এডোখৰ লত্‌লতীয়া ৰূপ। কঠালগুটীৰ আকৃতিৰ দৰে, এতেকে সেই নাম। গাহৰি মোহৰত ‘বৰাহ’ বা গাহৰি মূৰ্ত্তি অঙ্কিত থাকে। কতিয়া কণীয়া টকাৰ কাণত কতিয়াকতিকৈ আঁচ আছে। বান্দী মোহৰৰ এপিঠিত হাতত বাঢ়ণী এটাৰে সৈতে এজনী বান্দীৰ মূৰ্ত্তি অঙ্কিত থাকে। কথিত আছে বোলে কোনোবা লিগিৰী এজনী ৰজাৰ বৰ প্ৰিয়পাত্ৰী হৈ উঠিল। সেই লিগিৰীৰ প্ৰাৰ্থনাত ৰজা সন্তুষ্ট হৈ এদিনৰ কাৰণে তাইৰ মুৰ্ত্তিৰে মোহৰ মৰাইছিল। এই মোহৰৰ সংখ্যা নিচেই তাকৰ। চিকাৰূপত ফাৰ্চ্চী লিখা আছে। কেচাৰূপ পকা নহয়, সোনকালে কলা পৰি যায়। এইৰূপ সীহপতাৰ দৰে লেতু-সেতু। ৰজাৰূপ আটাইতকৈ শ্ৰেষ্ঠ। এই ৰূপক আঠকোণীয়া ৰূপো বুলিছিল।