পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
পেড়া-কাকত।
 
পদপঞ্চক  পচাঁ, চাদাঁ, বা বৰঙ্গনিক বুজাইছিল।
 
বেঠ  হাতী মহলৰ বা আন বনৰীয়া জন্তুধৰাৰ বাবদ ৰজাৰ

দিবলগীয়া ধন বা বস্তু।

 
বেগাৰ  ৰজাঘৰত মাজে সময়ে খাটি দিয়া বাব।
 
চোৰ-চিনলা— চুৰকৰা, পৰস্ত্রী হৰণকৰা ইত্যাদিৰ শাস্তি।
 
ধুমুসী  ৱাৰিছ নোহােৱা সম্পত্তি ৰজাঘৰলৈ যােৱা বাব।
 
মাৰেষা  কন্যাদানৰ বাবে ৰজাক দিবলগীয়া বাব।
 
জলকৰ, জৱক্ষাৰ— পানীৰ মাছমৰাৰ বাবদ আৰু হিলৈৰ

খাৰ যােগােৱাৰ বাবদ ৰজাৰ প্রাপ্য।

 
হাট  বেচা-কিনা কৰা ঠাইৰ বাবদ ৰজাৰ প্ৰাপ্য।
 
ধুত  মাটিৰ খাজানাত বাদে আন বস্তুৰ বাবে দিবলগীয়া

বাব।