পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অসমৰ মুদ্ৰা।

 সমাজৰ আদিতে সালসলনি প্ৰথাহে প্ৰচলিত আছিল। খেতিয়কে খেতিব বস্তুৰে কমাৰ, কুমাৰ, কঁহাৰৰ পৰা নিজ আৱশ্যকীয় বস্তু সলাই আনিছিল। সেইদৰে অন্য ব্যৱসায়ী মানুহে খেতিয়কৰ পৰা খেতিৰ উৎপন্ন বস্তু সলাই আনিছিল। তেতিয়াৰ দিনত টকা কড়িৰ কোনো লেনদেন নাছিল। আজিও সমাজত ধান চাউ- লেৰে বস্তু সলাই নিয়া প্ৰথা আছে। পৰাচিত কৰালে “ধেনুমূল্য” দক্ষিণা দিয়া, ধানপুৰীয়া কঠালটো পাতৰ আঁৰত (অৰ্থাৎ যি কঠালটোৰ দাম এপুৰা ধান ) ইত্যাদি বাক্যাংশৰ পৰাও সমাজৰ বিনিময় বা সাল-সলনি প্ৰথাৰ কথা বুজিব পাৰি। এনে বিনিময়ৰ নানা আহুকাল আৰু অসুবিধা গুছাবলৈ মুদ্ৰাৰ প্ৰচলন হল। পুৰণি ভাৰতত মুদ্ৰা কেতিয়াৰ পৰা প্ৰচলন হল, মুদ্ৰাৰ উদ্ভব কোনে কৰিলে, গ্ৰীক্‌ বা বিদেশী জাতিৰ পৰা মুদ্ৰাৰ প্ৰচলন হলনে ইত্যাদিবোৰ বিষয় লৈ পণ্ডিত সকলৰ মাজত মতভে আছে। কিন্তু একশ্ৰেণীৰ পণ্ডিতে ভাৰতবৰ্ষকে মুদ্ৰাৰ আৰিষ্কাৰৰ স্থল বোলে। “নিষ্ক” আৰু “হিৰণ্যপিণ্ড” বুলি দুই প্ৰকাৰ মুদ্ৰাৰ