পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তত্ত্ব আৰু তথ্য।

ইহাৰ কৰ কাটল, বেঠবেগাৰ, চোৰ চিনলা ধুমুসী মাৰেচা জলকৰ জবক্ষৰ চৌকি হাট ঘাট ফাট দান খুত ৰাজদণ্ড ব্যতিৰেকে সৰ্ব্ববাব পৰিত্যাগ হৈল ইহাত কোনো জনে অন্যথা নকৰিব ইতি শক ১৭২৬, ২ মাঘ।"

 ওপৰত দিয়া পেড়া-কাকতখনে কামৰূপৰ হাজো দেৱালয়ৰ ওচৰত থকা পোৱামক্কা নামে মুছলমানৰ মছজিদৰ কথা উল্লেখ কৰিছে। মোগল সম্ৰাট ছাহ- জাহানৰ ৰাজত্বকালত লুতফুল্লা চিৰাজী হাজো অঞ্চলৰ ফৌজাদাৰ আছিল। এৱেঁ পোৱামক্কাৰ মছজিদ নিৰ্ম্মাণ কৰায়। পিছত এই মছজিদ সম্বন্ধে মাটি মানুহ বিষয়ে বিশেষ সন্দেহ হোৱাত আৰু সেই অঞ্চল তেতিয়া অসম ৰজাৰ হাতলৈ অহাত স্বৰ্গদেৱৰ আদেশমতে বুঢ়াগোঁহাই ডাঙ্গৰীয়াই সেই বিষয় বিচাৰ কৰে আৰু বিচাৰৰ সিদ্ধান্ত পেড়া-কাকতত লিখি থোৱা হয়। ‘কৰকাটল’ পদপঞ্চক “বেঠৰেগাৰ” ইত্যাদি বিবিধ বিষয়ক বাবৰ পৰা কিন্তু ৰেহাই দিয়া নহল। এইবোৰ শব্দ তেতিয়াৰ কালত ঘাইকৈ কি কি অৰ্থত ব্যৱহৃত হৈছিল তাৰ টোকা দিয়া গল।

কৰ—  ৰজাক দিবলগীয়া মাটিৰ ৰাজত আৰু গুৰুষৰক

দিবলগীয়া ধন বা বস্তু।

কাটল—  ৰজাঘৰত পাইকে খাটি দিয়া বাব।