পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
তত্ত্ব আৰু তথ্য।

টেণ্ডেণ্ট্‌ আছিল সেইবোৰ কৌটিল্যৰ অৰ্থশাস্ত্ৰৰপৰা সম্ভেদ পালে আচৰিত হওঁ আৰু প্ৰাচীন ভাৰতৰ শাসন প্ৰণালী বিষয় ভাবি গৌৰবান্বিত বোধ কৰো। সেই একে ভাবেৰে আমাৰ নিজ দেশৰ তথ্যবোৰ আবিস্কাৰ কৰা কৰ্ত্তব্য নহয় নে?

 তামৰ ফলিব বিষয়ে বহুতো সন্ধান কৰিবলৈ আছে। কেতিয়াবা কেতিয়াবা ভূমিদান দিয়া কোনো পত্ৰ জীৰ্ণ হৈ গলে পুনৰ তামৰ ফলি কৰি দিয়া হৈছিল। কোনোখন তামৰ ফলিত কোন পৰ্ব্ব উপলক্ষে কত কিমান খৰচ হব লাগে, গোঁসাইৰ আগৰ ভোগৰ ভাত কোনে কিমান পাব লাগে, সেবাইত, পাইক, বৰদেউৰি আঠপৰীয়া, চামৰধৰা লোকে কেনেকৈ খাটিব লাগে প্ৰতি পূজাত চাউল, ঘিউ, তেল, তামোল, পান ইত্যাদি কত কেনেকৈ খৰচ কৰিব লাগে এনেবোৰ বিষয়ে তহু তহুকৈ তামৰ ফলিত লিখা আছে। এই ফলিবোৰে তেতিয়াৰ দিনৰ অসমীয়াকথা সাহিত্য কি ধৰণে লিখা হৈছিল অসমীয়া আখৰৰ গঢ় কেনেকুৱা আছিল ইত্যাদি সক- লোৰে আৰ্হি দেখুৱায়। সম্প্ৰতি কামৰূপৰ জনাৰ্দ্দন, অশ্বক্ৰান্ত, সিদ্ধেশ্বৰ আৰু ধাৰেশ্বৰ দেৱালয়ৰ ভূমিদান সম্পৰ্কীয় তামৰ ফলিৰ নকল তলত প্ৰকাশ কৰা গল,—