লিখা হৈছিল। দুই এখন আহোম ভাষাতো লিখা আছে। প্ৰতিখন ফলিতে “স্বস্তি” শব্দ প্ৰয়োগ হৈ ফলিৰ পাঠ আৰম্ভ হৈছে। ফলিৰ প্ৰথম ভাগ সংস্কৃতত লিখা। যি ৰজাই যি ঠাইত যাক দান দিয়ে আৰু যি বৰফুকনৰ দ্বাৰা এই তামৰ ফলিত লিখি ভূমিদান ঘোষণা কৰা হয় সেই বিষয় বৰফুকনৰ নাম আৰু শক উল্লেখ থাকি ফলিৰ লিখা আৰম্ভ হয়। তাৰ পিছত ৰজাৰ সিংহ চাব মৰা থাকে।
ৰজাৰ মোহৰৰ পিছত তেতিয়াৰ দিনৰ প্ৰচলিত অসমীয়া কথাৰে যাক যিমান যত ভূমি দান দিয়া হয়, সেই বিষয় লিখা থাকে। মাটিৰ চাৰিহদৰ সীমাৰ উল্লেখ থাকে। প্ৰত্যেক ফলিতে শেষৰ পিনে এইদৰে লিখা থাকে। যেনে—
‘ইহাৰ কৰকাটল, পদপঞ্চক, বেঠ বেগাৰ, চোৰ চিনলা, ধুমুসী মাৰেষা, জলকৰ, জবক্ষাৰ, চকি, হাট, খাট, ফাট, দান, খুত, সৰ্ব্ববাব পবিত্যাগ হল।”
এইবোৰ শব্দে তেতিয়াৰ দিনৰ বিভিন্ন বিষয়ৰ কৰ বা খাজনাৰ সম্ভেদ দিছে। এনেবোৰ কৰ তুলি- বলৈ অসমত যে কেনে ধৰণৰ শাসন প্ৰণালী আছিল সেই বিষয় ভাবিলে বিস্ময় মানিব লাগে। আমি ৰজা চন্দ্ৰগুপ্তৰ দিনত কেনেকৈ বিভিন্ন বিষয়ৰ ৰাজ্যত ছুপাৰিন্