পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
অসমৰ শিলৰ ফলি

হীৰা ডোখৰৰ দৰে বা ফেনসোপাৰ দৰে বগা আৰু অঙ্গ বঙ্গ কলিঙ্গ ত্ৰৈলঙ্গ, সৌৰাষ্ট্ৰ মগধ আদি দেশত যাৰ যশ বিয়পি পৰিছিল; যিজনে নানা উৎসৱত মণিৰত্ন সোণৰূপ আদি দান কৰি সন্তোষ পাইছিল, যিজন সৌন্দৰ্য্য গাম্ভীৰ্য্য, মৰ্যাদা, ন্যায়, আচাৰ, বিচাৰ, দাক্ষিণ্য আৰু দক্ষতা গুণেৰে ধনী আছিল, যিজন ক্ষমা গুণৰ আধাৰ আছিল, যিজনে ইন্দ্ৰবংশত জন্মগ্ৰহণ কৰিছিল আৰু যিজন মহাদেৱৰ চৰণ পদুমৰ ভোমোৰাৰ নিচিনা আছিল সেয়ে সৌমাৰেশ্বৰ শ্ৰী শ্ৰীযুতগদাধৰসিংহ স্বৰ্গদেৱ।

শিৱসিংহৰ নামৰ আগত
 ৺৭ স্বস্তিস্ত্ৰি সমস্ত.....সিংহ

 অৰ্থাৎ যাৰ চৰণযুগল সকলোবিলাক সামন্ত ৰজাৰ মুকুটমণিৰ কিৰণমালাৰে সুশোভিত যাৰ শৰীৰৰ সৌন্দ- য্যই কামদেৱৰ দৰ্পক দলন কৰিছে যাৰ প্ৰৱল প্ৰতাপ স্বৰূপ অগ্নি দিগদন্তালবিলাকৰ কাণ লৰোৱা বতাহত


 * স্বস্তিন্ত্ৰি সমস্তসামন্ত চক্ৰচুড়ামণি মৰীচিমঞ্জৰী ৰাজি ৰাজিত পদপল্লব কন্দৰ্পদৰ্পদলন কলেৱৰ দিগদস্তাৱলাৱলীকৰ্ণ্ণ তালস্ফালমৰুন্নৰ্ত্তিত প্ৰবল প্ৰতাপানল বিবিধদান সন্তানবিনন্দিত কল্পপাদপ জ্যাঘোৰবোৰ জনিত শৰকুলিশসম্পাত জৰ্জ্জৰিতাৰিবৰকলেৱৰ হৰহাসকৈলাশকাশনঙ্কাশ পৰি পাণ্ডুৰাখণ্ডযশ শ্ৰীখণ্ডমণ্ডিত ব্ৰহ্মাণ্ডভাণ্ড গাম্ভীৰ্য্যোদাৰ্য্যমৰ্য্যদয়ানিচয়ৰত্নৰত্নাকৰ শক্ৰবংশাবতংস সৌমাৰেশ্বৰ স্বৰ্গদেৱ শ্ৰীশ্ৰীমৎশিৱসিংহ।