পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
তত্ত্ব আৰু তথ্য।


ফলি যেনে —“শ্ৰীভণ্ডাৰি গোসাই। লাঙ্গিপো গোসাই। বড়ফুকন নায়সলিয়াৱাই। চামধৰা সিমা কৰি হাৰুণি- দাৰুণিলৈ গঢ়। শক ১৫৩৮॥ শ্ৰী শ্ৰীস্বৰ্গনাৰায়ণৰ জয়জয়। শ্ৰীকুলুঙ গোসাই। শ্ৰীকুলুতা গোসাই। শ্ৰীজদু বৰুৱা জয় হল।” সংস্কৃতীয়া ফলিবোবত ৰজাৰ নামৰ আগত দীঘলীয়া বিশেষণযুক্ত পদৰ আড়ম্বৰ বেচি।তলত কেইটিমান উদাহৰণ দিয়া গল:-

 গদাধৰসিংহৰ নামৰ আগত-

 ৺স্বস্তি প্ৰচণ্ড [১] গদাধৰসিংহ অৰ্থাৎ যাব ৰাজদণ্ড প্ৰচণ্ড প্ৰতাপযুক্ত, যাৰ ধেনুৰ পৰা ওলোৱা শৰেৰে তেওঁৰ উদণ্ড শক্ৰবিলাকৰ মূৰ খণ্ড খণ্ড কৰিছিল; যিজনৰ চৰণপদ্ম তেওঁৰ তলতীয়া ৰজা বিলাকৰ শিৰৰ মুকুট মণিৰ ৰশ্মি সমূহদ্বাৰা বিৰাজিত হৈছিল; যাৰ

যশোৰাশি হৰৰ হাৰৰ নিচিনা, বৰফ চপৰাৰ দৰে বা

  1. ৺স্বস্তি প্ৰচণ্ডদোৰ্দ্দণ্ডকলিতদণ্ডকোদণ্ডক্ষিপ্তকাণ্ডখণ্ডিতো দণ্ডবৈৰি- চয় মুণ্ডাশেষ সামন্তচক্ৰচুড়ামণি মৰীচি মঞ্জৰি বিৰাজিত চৰণ কমল হৰহাৰহিমহীৰ হিণ্ডীৰ পিণ্ড পাণ্ডুৰিত যশোৰাশি পৰিপুৰিতাঙ্গৰঙ্গ কলিঙ্গ- ত্ৰৈলঙ্গসৌৰাষ্ট্ৰ মগধাদ্যশেষ দেশবিশেষ কুপ্যাকুপ্য বিতৰণ সন্তোষিত ভৃশপৰ্ব্ব সৌন্দৰ্য্য় গাম্ভীৰ্য্য মৰ্য্য়াদাদয়া নয়াচাৰ বিচাৰ দাক্ষিণ্য দক্ষতাঢ্য ক্ষমাগু প্ৰামাভি ৰাম শত্ৰুৰাংশাবতংস ঈশনপদাৰবিন্দ মকৰন্দ মধুকৰ সৌমাৰেশ্বৰ শ্ৰীশ্ৰীমৎ- গদাধৰ সিংহ............