পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
তত্ত্ব আৰু তথ্য

প্ৰজ্জলিত হৈছে, যাৰ নানাবিধ দানৰ খিতাপ দেখি কল্পতৰুৱেও লাজ পাইছে, যাৰ ধেনুৰপৰা ভয়ানক শব্দেৰে ওলোৱা শৰবিলাকে প্ৰবল শত্ৰুবিলাকৰ গাত পৰি থকাসৰকা কৰে, যাৰ অখণ্ডিত যশৰাশি সদাশিৱৰ অট্টহাসি গোটমাৰি হোৱা কৈলাস পৰ্ব্বতৰ কান্তিৰ নিচিনা ধবল, যাব ঐশ্বৰ্য্যৰ অংশ মাত্ৰই গোটেইখন ব্ৰহ্মাণ্ডক আবৰিব পাৰে যি গাম্ভীৰ্য্য, উদাৰতা দয়া আৰু নীতি আদি ৰত্নবিলাকৰ সাগৰ স্বৰূপ ইন্দ্ৰবংশত জন্মগ্ৰহণ কৰোতা সেয়ে স্বৰ্গদেৱ শ্ৰীশ্ৰীমৎশিৱসিংহ।

কোচৰাজ শ্ৰীমল্লদেৱৰ নামৰ আগত
 লোকানুগ্ৰহকাৰকঃ কৰুণয়া পাৰ্থো...

 নৃপঃ * অৰ্থাৎ যিজন কৰুণা বিতৰণত সূৰ্য্যৰ নিচিনা, ধনুৰ্ব্বিদ্যাত অৰ্জ্জুনৰ নিচিনা দান কৰাত দধীচি আৰু কৰ্ণৰ নিচিনা, মৰ্য্যাদাত সাগৰৰ নিচিনা, নানা শাস্ত্ৰ আলোচনাৰে যাৰ চৰিত্ৰ সুন্দৰ হৈছে, যাব উজ্জ্বলৰূপ কন্দৰ্পৰ নিচিনা, যি কামাখ্যাৰ চৰণ সেৱক সেয়ে শ্ৰীমল্লদেৱ ৰজা।


 * লোকানুগ্ৰহকাৰকঃ কৰুণয়া পাৰ্থো ধনুবিদ্যয়া দানেনাপি দধীচি- কৰ্ণ সদৃশো মৰ্য্যাদয়াম্ভোনিধিঃ নানাশাস্ত্ৰ বিচাৰ চাৰুচৰিতঃ কন্দৰ্পৰূপোজ্জলঃ কামাখ্যাচৰণাৰ্চ্চকো শ্ৰীমল্লদেৱ নৃপঃ॥