পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
অভিব্যক্তি বাদ।

সেই জীৱই পোনতে পানীত সাঁতুৰি থাকে। শেহত সেই জীৱৰ ঠেং গজি উঠি ভেকুলী ৰূপে পৰিণত হয়গৈ। যেতিয়া সেই জীৱৰ সকলো অঙ্গ পূৰ্ণ হয় তেতিয়া পানী এৰি স্থলত বাস কৰিবলৈ ধৰে। আৰু স্থলত বাস কৰা কালত নেজ মাটিত ঘহনি খাই খঁৰা আৰু নাইকিয়া হয়। সামান্য ভেঁকুলী, যাক আদি অৱস্থাত থকা মাছ বুলি ভ্ৰম হয়, সিও অলপ দিনৰ ভিতৰত ইমান পৰিবৰ্ত্তনশীল।

 আগেয়ে কৈ অহা হৈছে জীৱই স্বভাৱতঃ জীয়াই বা টিকি থাকিবলৈ চেষ্টা কৰে আৰু সদায় চেষ্টাত থাকে। তেনেস্থলত নিৰ্ব্বলীৰ মৰণ আৰু বলীৰ জীৱন স্বাভাবিক। বলীয়ে বলেৰে জীয়াই থাকি উচ্চ অৱস্থা প্ৰাপ্ত হয়। নিৰ্ব্বলীয়ে মজলীয়া অৱস্থা নৌ পাওঁতেই মৃত্যু-মুখত পৰে। এনেকৈ কোনো ক্ৰমবিবৰ্ত্তন হোৱা দুটা জীৱৰ মজলীয়া নিৰ্ব্বলী তৰপ মৰি যায় বুলি সেই দুই জীৱৰ পাৰ্থক্য সাধাৰণ চকুত বৰ বেচি যেন লাগে। জীৱৰ যিবোৰে পাৰে জীয়াই থাকে আৰু যিবোৰে নোৱাৰে মৰি যায়। ডাৰউয়িনে ইয়াকে প্ৰাকৃতিক নিৰ্ব্বাচন বুলিছে।

 প্ৰাকৃতিক নিৰ্ব্বাচনৰ দৃষ্টান্ত গোটেই দেশ জুৰি আছে। ঘৰচীয়া জন্তুৰ লগত বনৰীয়া জন্তুৰ, পৰ্ব্বতীয়া জাতিৰ লগত ভৈয়ামৰ জাতিৰ, গ্ৰীষ্মপ্ৰধান দেশৰ জীৱৰ