পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
তত্ত্ব আৰু তথ্য।

লগত শীতপ্ৰধান দেশৰ জীৱৰ ডাঙ্গৰ প্ৰভেদ। কাল আৰু অৱস্থাৰ পাৰ্থক্য অনুসাৰে প্ৰাকৃতিক পাৰ্থক্য কম- বেচ হৈ থাকে। তিমি মাছ পশু জাতীয় জীৱ। যেতিয়া ই স্থলত বাস কৰিছিল, তেতিয়া ই চাৰিখন হাত ভৰিৰে চলিছিল। তিমি মাছৰ মূৰৰ হাড় স্তন্যপায়ী জীৱৰ দৰে। কিন্তু এতিয়া পানীত সাঁতোৰোতে মূৰৰ আকৃতি মাছৰ দৰে হৈছে। তথাপি ইয়াৰ আগৰ স্তন্যপায়ী অৱস্থাৰ দাঁতবোৰৰ চিন মৰা নাই। এনে অৱস্থা পৰিবৰ্ত্তনৰ লগে লগে শাৰীৰিক প্ৰকৃতিৰ পৰিবৰ্ত্তন ঘটি থাকে। কেৱল শাৰীৰিক পৰিবৰ্ত্তন ঘটিয়েই ক্ষান্ত নহয়, মানসিক পৰিবৰ্ত্তনো ঘটি থাকে।

 আকৃতি আৰু কাৰ্য্যত মানুহেৰে সৈতে অন্যান্য জীৱৰ ইমান সাদৃশ্য আছে যে মানৱ জাতিক ঈশ্বৰে এটা বেলেগে স্ৰজা স্বতন্ত্ৰ জীৱ বুলিব নোৱাৰি। মানুহৰ সাদৃশ্য অন্যান্য জীৱৰ লগত ইমান অধিক যে, যেনেকৈ আন আন জীৱৰ উৎপত্তি হৈছে তেনেকৈ মানুহ জাতিৰো উৎপত্তি হৈছে। উৎপত্তিৰ নিয়ম কাৰণ আন আন জীৱৰ লগত যেনেকুৱা মানুহৰ লগতো তেনেকুৱা। মানুহৰ উৎপত্তি সাধাৰণ নিয়মৰ বাহিৰ নহয়। যদি এটা জীৱৰ অৱস্থা পৰিবৰ্ত্তনৰ বাবে প্ৰকৃতি-পৰিবৰ্ত্তন ঘটি আন এটা জীৱৰ উৎপত্তি হয় বুলি মানি লওঁ, তেন্তে