পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
তত্ত্ব আৰু তথ্য।

কলাৰ মাজত আমি নিচেই কম পাৰ্থক্য দেখিম। কিয়নো সেই অৱস্থাত বগা আৰু কলা ৰঙৰ পৰিবৰ্ত্তন আমি ক্ৰমান্বয়ে দেখি আহিম। জীৱৰ পৰিবৰ্ত্তনো ঠিক তেনে। এটা জীৱ আন এটা জীৱৰ অৱস্থা পাবলৈ তেনে শত শত অৱস্থা, আৰু পৰিবৰ্ত্তনৰ মাজেদি আহে। কিন্তু সেই নানা পৰিবৰ্ত্তন গুৰিৰপৰা আমি দেখিবলৈ নাপাওঁ বুলিয়েই বান্দৰৰপৰা মানুহ হোৱা বুলিলে আমি অসম্ভৱ বুলি ভাবো। সৰিয়হ যেন গুটি এটাৰ পৰা ভব্য আহঁত গছ এজোপা হয়। কিন্তু গুটিটোৰ আকাৰ আৰু গছৰ প্ৰকাণ্ড আকাৰৰ বিষয় ভাবিলে সেই অকণমান গুটিৰপৰা ইমান এজোপা ডাঙ্গৰ গছ হোৱাটো অসম্ভৱ যেন লাগিব পাৰে। কিন্তু গছজোপা সেই অৱস্থা পাবলৈ কিমান অৱস্থাৰ মাজেদি আহিছে আৰু কত পৰিবৰ্ত্তন ঘটিছে সেইবোৰ বিষয় অবৈজ্ঞানিক চকুত ধৰা নপৰে।

 একলহ মলিয়ন পানী বাহিৰত কিছুদিন পেলাই থলে আমি দেখা পাওঁ যে সেই পানীত সূতাৰ নিচিনা কে তবোৰ সৰু আৰু দীঘল পোকে এবাৰ তল এবাৰ ওপৰ, এবাৰ ইকাতি এবাৰ সিকাতি কৰি পানী কলহত অনাই বনাই ফুৰে কিন্তু কেইদিনমানৰ পাচত আকৌ দেখিবলৈ পাওঁ যে সেই সূতাৰ নিচিনা পোকৰ নানা পৰিবৰ্ত্তন ঘটি পাখি আৰু ঠেং থকা মহ হৈ শব্দকৈ উৰি ফুৰে। মলিয়ন পানীৰ পুখুৰীত বা খালত এবিধ মাছৰ দৰে নেজ থকা জীৱ দেখা যায়।