পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছিটিকাত পৰা চৰাই


পি খাব নোৱৰা এপিয়লা চাহঃ

প্ৰতিটো পুৱা এপিয়লা চাহ লওঁ
হকাৰে দলিয়াই অগণন দুখৰ টোপোলা
পিয়লা ৰাঙলী ভাঙি পৰা এখন আকাশ
দিনবোৰ এনে—সময় ছিটিকাত পৰা এজাক চৰাই
বন্ধ টেমা এটাত জীৱনটো ভৰাই অসহায় ফুটা এটাৰে
নিচুকাওঁ আপোন আকাশৰ তৰাবোৰ
সিহঁতৰ শৰীৰত আন্ধাৰৰ অসুখ

আকাশত নক্ষত্ৰৰো সংঘৰ্ষ অবিৰাম
ক’ত নাই বিস্ফোৰণ — নৈ অৰণ্য আকাশ বাট ঘাট
তোমাৰ অন্তৰৰ মমতাৰ ঘৰ
আইনা হৈ ভাঙে সন্ধ্যাৰ আকাশ—খমলা বন্ধা তেজ
শিলনি-বননিত পিচল চকুলো

সন্ত্ৰাসৰ ঠিকনা সন্ধানঃ

তেওঁলোকে সন্ধান কৰে উৎস, কীটৰ লানি ক’ৰপৰা উৰে
চক্ৰাকাৰে শগুণৰ জাক ঠোঁটত শৱৰ তালিকা
কাল পখীৰ ডেউকাৰ তলৰ অমানিশা
সেইডাল গছ যাৰ ডালে-পাতে অস্ত্ৰ

৬০//তটিনী তীৰৰ খেলা