পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফকীৰৰে। দেখিছিলোঁ এটা কাঁচৰ বাকচৰ ভিতৰত। অন্তহীন হেঁচা-ঠেলা, দম বন্ধ পৰিৱেশৰ মাজত ঘণ্টাৰ পাছত ঘণ্টা থিয় হৈ অৱশেষত ফকীৰক দৰ্শনৰ সুযোগ পাইছিলোঁ যদিও অসহ্য লাগিছিল। ভাব হৈছিল এতিয়াই ওলাই যাওঁ বাহিৰৰ মুক্ত পৰিৱেশৰ মাজলৈ। প্ৰাণভৰি গ্ৰহণ কৰোঁ সজীৱ খোলা বতাহ।

 ফকীৰৰ সৈতে মোৰ পাৰ্থক্য এটাই। তেওঁ আছিল এটা কাঁচৰ বাকচৰ ভিতৰত নটা দিনে খাদ্য মুখত নিদিয়াকৈ। আৰু মোৰ আজি অনাহাৰৰ দহ দিন। এটা দিন মুলাটোছৰ ঘৰৰ বিছনাত, বাকী আটাইবোৰ দিন সমুদ্ৰৰ বুকুত। এতিয়া মোৰ সমুখত অজস্ৰ অচিন মুখ। সেই মুখত অজস্ৰ অভিব্যক্তি। ক’লা মুখ, বগা মুখ— এখনৰ পাছত এখন মুখে ভুমুকি মাৰিছে, যেন শেষ নাই।

 গৰমো অসহ্যকৰ। এয়া কি যে এক বিচিত্ৰ অভিজ্ঞতা। যি শেষত এটা ডাঙৰ কৌতুকলৈ পৰ্যৱসিত হ’বলৈ ধৰিছে। এনে লাগিছে, হয়তো সাগৰত ডুব যোৱা জাহাজৰ নাৱিকক দেখুৱাবলৈ শ্ব’ পাতি টিকট বিক্ৰী কৰিছে কোনোবাই।

 মুলাটোছলৈ কঢ়িয়াই অনা বিছনাখনতে মোক ছান জুৱান ডে উৰাবালৈ কঢ়িয়াই লৈ যোৱা হ'ল। লগত উৎসুক জনতাৰ এটা দল, কমেও ছশটি শিশু আৰু মহিলাও আছে, আছে ঘৰচীয়া জীৱ-জন্তুও। কোনোবাই গাধৰ পিঠিত উঠিছে, সৰহসংখ্যকেই খোজ কাঢ়িছে। এই যাত্ৰাৰ বাবে দিনটো লাগিল। মানুহৰ ভিৰৰ মাজত, একা-বেঁকা পথেৰে আহি থাকোঁতে ভাব হ’ল, দেহলৈ লাহে লাহে শক্তি উভতি আহিছে। শুনিলোঁ জনশূন্য হৈ পৰিছে মুলাটোছ। পুৱাৰ পৰাই ৰেডিঅ'গ্ৰামটো উচ্চ স্বৰত বজাই দিয়া হৈছে— যেন মোক কেন্দ্ৰ কৰি উৎসৱৰ আয়োজন চলিছে। মই এতিয়াও বিছনাত। গোটেই গাঁৱৰ মানুহ হিলদ'ল ভাঙি ওলাই আহিছে মোক চাবলৈ। তেওঁলোকে গাঁৱতে মোক বিদায় দিব খোজা নাই। একেবাৰে ছান জুৱান ডে উৰাবালৈ আগবঢ়াই থ’ব। ওৰেটো পথত মোৰ খাদ্য বুলিবলৈ কেইখনমান সামান্য ছ'ডা বিস্কুট আৰু কেইচামুচমান পানী। কিন্তু এই সামান্য খাদ্যই মোৰ ভোক-পিয়াহ আৰু বঢ়াই তুলিছে।

 ছান জুৱান আহি পাওঁ মানে ৰাস্তা-ঘাট সকলোতে মানুহৰ ভিৰ। এখন সুন্দৰ ছবিৰ দৰে এই চহৰৰ সকলো মানুহে মোক দৰ্শন কৰিবলৈ উৎসাহী হৈ পৰিছে। অৱশ্যে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আগতীয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সকলোৱে হেঁচি-ঠেলি সমুখলৈ আগুৱাই আহিবলৈ হেতা-ওপৰা লগাইছে। মানুহৰ উন্মাদনাক নিয়ন্ত্ৰণ কৰিবলৈ পুলিচেও চেষ্টা চলাইছে সমানে।

 অন্ত পৰিল মোৰ যাত্ৰা। ডাক্তৰ হামবাৰ্টো গোমেজ হ’ল প্ৰথমজন চিকিৎসক—যিয়ে মোৰ স্বাস্থ্য তন্ন তন্নকৈ পৰীক্ষা কৰিলে। তেৱেঁই মোক সেই সুখবৰটো দিলে। স্বাস্থ্য পৰীক্ষাৰ অন্তত মোৰ দেহ আৰু মনৰ শক্তি সন্দৰ্ভত নিশ্চিত হোৱাৰ পাছতহে

৮৮