পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সহকৰ্মীসকলৰ সৈতে ধৰাধৰি কৰি মোক বিছনাৰ পৰা দাঙি আনোতে এনে লাগিল যেন ৰ'দে পোৰা মোৰ গাৰ ছাল তেওঁলোকে এৰুৱাই নিছে। কি অসহ্যকৰ কাণ্ড।

 উৎকট গৰমে সকলো দহিছে। যিসকলে মোৰ জীৱন বচাবলৈ তৎপৰ, তেওঁলোকে মোক দমবন্ধ কৰি মাৰিব খুজিছে। ৰাস্তাত ভৰি দিয়াৰ সময়ত লেম্প আৰু জোঁৰৰ অজস্ৰ পোহৰৰ জিলিকনি আহি মোৰ মুখত পৰিল। ছাট্‌ মাৰি ধৰিছে মোৰ চকু। জনতাৰ কলৰৱ আৰু পুলিচৰ ৰূঢ় নিৰ্দেশে কাণ তাল মাৰি ধৰিছে। নাজানো কেতিয়া গৈ গন্তব্য স্থান পাম। ডেষ্ট্ৰয়াৰৰ দুৰ্ঘটনাৰ দিনটোৰ পাছৰে পৰা পেটত খুদ-কণ এটাও পৰা নাই। অনাহাৰে মোৰ শক্তি শেষ কৰি পেলাইছে, কিন্তু তাৰ পাছতো স্তব্ধ হোৱা নাই মোৰ গতি – অজান-অচিন পথেৰে কেৱল গৈয়ে আছোঁ। আজি এই শেষ ৰাতিও ক'লৈনো গৈ আছোঁ বুজিব পৰা নাই। এইসকল সুহৃদ জনতাই মোক কিনো কৰিব খুজিছে বুজি পোৱা নাই মই।

 ফকীৰৰ সাধু

 মই আহি উপস্থিত হোৱা পাৰৰ পৰা মুলাটোছৰ ৰাস্তা বৰ দীঘল আৰু দুৰ্গম। এখন কোমল বিছনাত দুয়ো কাষে দুডাল খুঁটি বান্ধি সাঙীৰ দৰে সাজি ল’লে। তাতে তুলি দিলে মোক। তাৰ পাছত কান্ধত তুলি সেই সাঙী আগবাঢ়িছে একা-বেঁকা সৰু পথ এটাৰে। বাহিৰৰ মুকলি বতাহো লেম্পৰ জুইৰ পোহৰে উত্তপ্ত কৰি তুলিছে— যেন বন্ধ কোঠা এটাৰ দৰেই গৰম। আঠজন মানুহে পাল পাতি মোক কঢ়িয়াই আনিছে। মাজতে খাবলৈ মোক সামান্য পানী আৰু বিস্কুট দুখনমানো দিছে। মই জানিবলৈ বিচাৰিলোঁ তেওঁলোকে মোক ক'লৈ কঢ়িয়াই নিছে, কিয়েই বা কৰিব খুজিছে? কিন্তু কোনেও সদুত্তৰ দিব খোজা নাই। মানুহৰ সমদলটোক ইন্সপেক্টৰে নেতৃত্ব দিছে। কাকো মোৰ কাষলৈ আহিবলৈ দিয়া নাই। বাৰে বাৰে মোৰ কাণত পৰিছে মানুহৰ চিৎকাৰ, মানুহৰ গুঞ্জন। পুলিচৰ নিৰ্দেশ। মুলাটোছৰ মূল পথ পোৱাৰ পাছত পুলিচে ভিৰ নিয়ন্ত্ৰণ কৰিব নোৱৰা হ’ল। পুৱা তেতিয়া আঠ বাজিছে।

 মুলাটোছ এখন সৰু গাঁও— মাছুৱৈৰ বাসভূমি। কোনো টেলিগ্ৰাফ অফিচ নাই ইয়াত। ছান জুৱান ডে উৰাবাই হ’ল একেবাৰে সমীপৰ চহৰ। মল্টেৰিয়াৰ পৰা সপ্তাহত দুবাৰ এখন সৰু বিমান নামে ইয়াত৷ ক্ষুদ্ৰকায় গাঁওখন পোৱাৰ পাছত সুন্দৰ ঠাই এখনলৈ ভ্ৰমণৰ বাবে অহা যেন লাগিছিল। ভাবিছিলোঁ ভালদৰে খাবলৈ পাম।

 মুলাটোছ আহি পোৱাৰ পাছত মানুহ এঘৰলৈ লৈ অনা হ’ল মোক। মোৰ মনত পৰিল, দুবছৰ আগতে বোগোটাত পঞ্চাছ ছেণ্টাভোছ বিনিময়ত এজন ফকীৰক দৰ্শনৰ সুযোগ পাইছিলোঁ। কেইবা ঘণ্টা শাৰী পাতি থিয় হোৱাৰ পাছত সাক্ষাৎ ঘটিছিল সেই

৮৭