পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কিন্তু ভোজন সমাপ্তিৰ পাছত বৰ এটা ভাল অনুভৱ নহ'ল। সম্ভবতঃ এইডাল জলফাই গছৰ শিপা। বাইবেলৰ গল্পটো মনত পৰিল। নোৱাই যেতিয়া কপৌজনীক মুক্তি দিছিল, সি পুনৰ নৌকালৈ উভতি আহিছিল এডাল জলফাইৰ ডাল লৈ। সেয়া আছিল পাৰৰ ইংগিত। বাইবেলৰ সেই কাহিনীটো মোৰ সঁচা বুলি বিশ্বাস হ’ল। আজি মই সেই জলফাইৰ শিপাৰেই ক্ষুধা আঁতৰাইছোঁ।

 কালিলৈকে পৰম আশাৰে অপেক্ষা কৰিছিলোঁ— মোৰ টোপনি ভাঙিব সমুদ্ৰৰ পাৰত। কিন্তু ইতিমধ্যে চৌবিছ ঘণ্টা কাটি গ'ল। আজি নৱম দিন। যোৱা নটা দিন মই কেৱল চাই আছোঁ সমুদ্ৰ আৰু আকাশৰ পিনে। এতিয়া এই অপেক্ষা অৰ্থহীন যেন লাগিছে। সম্ভৱতঃ মোৰ ঘৰত এই মুহূৰ্তত সকলো আত্মীয়-স্বজন, বন্ধুবৰ্গ আহি উপস্থিত হৈছে। মোৰ বাবে কৰা প্ৰতীক্ষাৰ হয়তো আজি অন্তিম ৰাতি। কাইলৈ সিহঁতে বেদীটো ভাঙি পেলাব। ধীৰে ধীৰে মানি ল’ব যে মোৰ মৃত্যু হৈছে।

 কিন্তু সিদিনা ৰাতিও মই খীণ আশা এৰি দিয়া নাই। কোনোবা নহয় কোনোবাই মোক নিশ্চয় স্মৰণ কৰিব। নিশ্চয় মোক উদ্ধাৰৰ চেষ্টা চলাব। এই কথা যেতিয়া ভাবি মনত আশাৰ সঞ্চাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, তেতিয়া পৰিয়ালৰ বাবে মোৰ মৃত্যুৰ নটা দিন পাৰ হৈ গৈছে আৰু মোৰ বাবে সম্ভৱতঃ মই বাচি থকাৰ শেষতম দিন। সমুদ্ৰৰ বুকুত নিজকে একেবাৰে নিঃস্ব যেন লাগিল। এনে লাগিল যেন চিৎকাৰ কৰি উঠিম— ‘মই আৰু কেতিয়াও উঠিব নোৱাৰিম।' কথাখিনি ডিঙিত আবদ্ধ হৈ পৰিল। একোৱেই উচ্চাৰণ কৰিব নোৱাৰিলোঁ।

 স্কুলীয়া দিনবোৰলৈ মনত পৰিল। 'ভাৰ্জিন অৱ কাৰমেন’ৰ মেডেলটো ওঁঠেৰে স্পৰ্শ কৰিলোঁ। প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ কাতৰভাৱে। হয়তো মোৰ ঘৰতো প্ৰাৰ্থনাৰ পূৰ্ণ আয়োজন চলিছে। ভাব হ’ল— ওহোঁ নাই, মই জীয়াই থকা নাই। মোৰ মৃত্যু হৈছে।

৭১