পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ক্ষুধাৰ্ত হাঙৰেৰে ভৰ্তি পানীত এবাৰ পৰিব লাগিলে নিস্তাৰ নাই। আৰু ইফালে লক্ষ্য যদি ঠিক নহয়, চিকাৰ ধৰা অসম্ভৱ। পলাই পত্ৰং দিব মাছবোৰ আৰু সফল হ'লেই লাভ কৰিম কমেও চাৰি পাউণ্ডৰ এটা সতেজ মাছ। সাত দিনৰ ক্ষুধা নিবৃত্তি হ'ব। বোটৰ ওপৰত বহি দ্বিতীয় কোবটো শোধালোঁ। মূৰত ঠিক আঘাত পৰিছে। বোটখন কঁপি উঠিল। বোটৰ তলেৰে পানীত হাঙৰবোৰ অহা-যোৱা কৰি আছে। মই বোটৰ একোণত বহি নিজক চম্ভালি ল'লোঁ। অৱশেষত বোটখন সুস্থিৰ হ’ল। মাছটো এতিয়াও জীৱিত। ছট্‌ফটাইছে সি।

 আঘাতপ্ৰাপ্ত মাছৰ ছট্‌ফটনি বহু বেছি। তেতিয়া জঁপিয়াবও পাৰে বহুত। যদি কোবটো ঠিকমতে নপৰে, তেন্তে হাতচাৰা কৰিব লাগিব মাছটো। মাছৰ ওচৰলৈ অলপ আগুৱাই গ'লোঁ, ভাব হ’ল তাক গঁবা মাৰি ধৰাই ভাল হ’ব। দৰকাৰ হলে দুভৰিৰে চেপি ধৰিম আঁঠু দুটাৰ মাজত সুমুৱাই অথবা দাঁতেৰে কামুৰি ধৰিম। বোটৰ মজিয়াত সুবিধাজনক ঠাই এটুকুৰা বাছি ল'লোঁ। যেন ভুল নহয়, এইবাৰৰ আঘাতটোৰ ওপৰতে নিৰ্ভৰ কৰিছে মোৰ জীৱন।

 সৰ্বশক্তি প্ৰয়োগ কৰি মূৰতে কোবটো মাৰিলোঁ। জঠৰ হৈ পৰিল মাছটো। বোটৰ ভিতৰত থকা পানীখিনি ৰক্তাক্ত হৈ পৰিল। কেঁচা তেজৰ গোন্ধ নাকত লাগিল মোৰ। হয়তো হাঙৰবোৰেও পাইছে সেই গোন্ধ। হাতৰ কাষতে চাৰি পাউণ্ড ওজনৰ মাছটো পাই ভয়ো লাগিল মোৰ। তেজৰ গোন্ধ পাই হাঙৰবোৰে বোটৰ তলিত খুন্দা মাৰিছে। কঁপি উঠিছে বোটখন। যিকোনো মুহূৰ্তত লুটি খাই যাব পাৰে। প্ৰতিটো হাঙৰৰ মুখত লোৰ দৰে কঠিন তিনি পাৰি দাঁত। মোক পালেই ছিৰাছিৰ কৰি পেলাব।

 কিন্তু ক্ষুধাৰ যাতনা সকলোতকৈ ঊৰ্ধ্বত। মাছটোক দুয়ো ভৰিৰ চেপাত সুমুৱাই ল’লোঁ। তলত হাঙৰবোৰে বাৰে বাৰে খুন্দিয়াইছে। বাৰে বাৰে চেষ্টা কৰিছোঁ নিজৰ ভাৰসাম্য বজাই ৰাখিবলৈ৷ এনেদৰেই পাৰ হ’ল কেইটামান মিনিট। অৱশেষত যেতিয়া বোটখন শান্ত হ’ল, মই বোটৰ তেজমিশ্ৰিত পানীবোৰ পেলাই দিলোঁ সাগৰত। পানী পৰিষ্কাৰ হ’ল, হাঙৰবোৰো ক্ষান্ত হ’ল। তথাপি মই সতৰ্ক হৈ থাকিব লাগিব। ভয়ংকৰ বিশাল হাঙৰবোৰ। সিহঁতৰ ফিচাবোৰো বিশাল। পানীৰ এক মিটাৰ ওপৰপৰ্যন্ত উঠি আহিছে একো একোবাৰ। এতিয়া শান্তভাৱে সাঁতুৰি আছে। কিন্তু যদি আকৌ তেজৰ গোন্ধ পায়, পুনৰ অস্থিৰ হৈ উঠিব। পুনৰ খুন্দিয়াব বোটত। খুব সাৱধানে মাছটো এইবাৰ কাটিবলৈ চেষ্টা কৰিলোঁ। কঠিন ছাল মাছটোৰ। যেন বৰ্মৰেহে ঢকা আছে। মোৰ হাতৰ ওচৰতো নাই কোনো চোকা অস্ত্ৰ। চেষ্টা চলালোঁ চাবিপাটেৰে, কিন্তু একো লাভ নহ'ল। এনেধৰণৰ মাছ মই কেতিয়াও দেখা নাছিলোঁ। সেউজীয়া ৰঙৰ মাজে মাজ়ে ক’লা পটি। শৈশৱৰ পৰাই মোৰ এক বদ্ধমূল ধাৰণা আছিল যে সেউজীয়া ৰং

৫৮