পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শান্ত। চাৰিওফালে ইমান সুন্দৰ আৰু লোভনীয় মাছ— যেন হাত আগবঢ়ালেই ধৰিব পাৰি। ক’তো হাঙৰ চকুত পৰা নাই। পানীত ভাঁহি আছে এটা উজ্জ্বল নীল বৰণীয়া মাছ, কমেও ২০ চেণ্টিমিটাৰ দীঘল, বক্ৰাকাৰ দেহ। মাছটো ধৰিবলৈ সতৰ্কতাৰে হাতখন আগবঢ়াই দিলোঁ। লগে লগে পানীত আলোড়ন তুলি অদৃশ্য হৈ গ'ল মাছবোৰ। কিন্তু খন্তেক পাছত পুনৰ ভাঁহি উঠিল। হাতেৰে মাছ ধৰাটো প্ৰায় দুঃসাধ্য কাম। অতি ক্ষিপ্ৰ হ’ব নোৱাৰিলে সফল হোৱা নাযাব। পানীৰ তলত হাতৰ শক্তি কমি যায়। ক্ষিপ্ৰতাও নাথাকে। জাকৰ মাজত নিৰ্দিষ্টকৈ এটা মাছক বাছি ল'লোঁ। পুনৰ চেষ্টা চলালোঁ ধৰিবলৈ। আৰু ধৰিবলৈ সক্ষম হ'লোঁ। কিন্তু অকল্পনীয় তড়িৎ গতিৰে সি হাতৰ পৰা সৰকি গ'ল। মই ধৈৰ্যসহকাৰে পুনৰ অপেক্ষা কৰাত লাগিলোঁ।

 আন্দাজ কৰিব পৰা নাই যে ইয়াত হাঙৰ থাকিব পাৰে। কিলাকুটিপৰ্যন্ত সুমুৱাৰ পাছত ভাব হ’ল, যদি হাঙৰ থাকে, তেন্তে একে কামোৰত হাতখন ছিগি লৈ যাব পাৰে। পুৱা দহ বজালৈ মাছ ধৰাৰ চেষ্টা অব্যাহত ৰাখিলোঁ। কিন্তু একেবাৰেই ব্যৰ্থ। মাছবোৰে মোৰ আঙুলিত খুঁটিবলৈ ধৰিছিল। এটা স্বচ্ছ ৰূপালী মাছ। কমেও ডেৰ ফুট দীঘল, ক্ষুদ্ৰ ক্ষুদ্ৰ চোকা দাঁত। হঠাৎ কামোৰ মাৰি দিলে মোৰ আঙুলিত। ওলাই আহিল তেজ।

 বোটৰ ওপৰত হাঙৰ

 হয়তো মোৰ আঙুলিৰ পৰা ওলোৱা তেজৰ গোন্ধৰ বাবেই আহি ওলাল হাঙৰবোৰ। মুহূৰ্তৰ ভিতৰত সিহঁতে পৰস্পৰৰ মাজত ‘যুঁজ’ আৰম্ভ কৰি দিলে। ইমানবোৰ হাঙৰ একেলগে কেতিয়াও দেখা নাছিলোঁ মই। ডলফিনৰ দৰে লফিয়াইছে, মাছবোৰ খেদি ফুৰিছে আৰু গিলিছে গোটে গোটে। ভয় খাই মই বোটৰ মাজলৈ আহি সিহঁতৰ এই ধ্বংসলীলা চাবলৈ ধৰিলোঁ।

 হঠাৎ এটা হাঙৰে পানীৰ ওপৰপৃষ্ঠলৈ উঠি আহি ফিচাৰে এনেদৰে কোব মাৰিলে যে বোটখন কঁপি উঠিল। পানীত এসোঁতা যেন তুলি পুনৰ অদৃশ্য হৈ পৰিল হাঙৰটো। এটা বিশাল ঢৌ আছাৰ খাই পৰিল বোটৰ ওপৰত। মই হাতত তুলি ল'লোঁ ব’ঠা এপাট। তেনেতে হাঙৰৰ খেদা খাই বোটৰ ওপৰত জঁপিয়াই উঠি আহিল এটা সেউজীয়া বৰণৰ মাছ। দীঘলে প্ৰায় আধা মিটাৰ। দেহৰ সমস্ত শক্তিৰে মই তাৰ মূৰত সজোৰে আঘাত কৰিলোঁ।

 এনেধৰণে বোটৰ ভিতৰত মাছ মৰা মামুলি কথা নহয়। বোটখন দুলিবলৈ ধৰিলে। আৰু অলপ বেছি হ’লেই হয়তো লুটি খাই গ'লহেঁতেন। বিপজ্জনক পৰিস্থিতি। বুদ্ধিভ্ৰষ্ট হ’লে নহ’ব। যদি অন্ধৰ দৰে কাম কৰিবলৈ লওঁ, নিমিষতে বোটখন ডুব যাব পানীত।

৫৭