পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মানেই যে বিষ। নাজানো এই মাছৰ মাংস বিষাক্ত হয় নে নহয়। জানিবলৈ মোৰ ইচ্ছাও নাই। মোৰ পেট কলমলাই উঠিছে মাছৰ টুকুৰা এটাৰ আশাত।

 বেচেৰা শৰীৰ

 যেতিয়া খাবলৈ হাতত সঁচাকৈয়ে একো নাথাকে, তেতিয়া ক্ষুধা সহ্য কৰা যায়। কিন্তু যেতিয়া এই সতেজ মাছটো চাবিপাটেৰে কাটিবলৈ চেষ্টা কৰিছোঁ তেতিয়া অসহ্যকৰ হৈ উঠিল ক্ষুধা। বুজিলোঁ, এইটো যদি সঁচাকৈয়ে খাবলৈ বিচাৰোঁ, তেন্তে মই আৰু অধিক দৃঢ় হ'ব লাগিব। লাহেকৈ থিয় দিলোঁ। মাছৰ ফিচাত গচকি ধৰি ফুলেৰে ব’ঠাৰ হাতলপাট সুমুৱাই দিলোঁ। মাছটো তেতিয়াও জীৱিত। মূৰত আৰু এবাৰ কোব এটা শোধালোঁ। ঢাকি ৰখা কঠিন অংশটোকে আঁজুৰি ছিঙি পেলাবলৈ চেষ্টা কৰিলোঁ। আঙুলি তেজেৰে ৰাঙলী হৈ পৰিছিল। মাছৰে তেজ নে মোৰেই তেজ ধৰিবই নোৱাৰিলোঁ। মোৰো হাত কাটিছে। আঙুলিৰ ছাল এৰি গৈছে। মাছটোৰ তেজৰ গোন্ধ পাই পুনৰ অস্থিৰ হৈ পৰিল হাঙৰবোৰ। বিৰক্তিত এবাৰ ভাবিলোঁ— হাঙৰৰ মাজলৈকে দলিয়াই দিওঁ নেকি মাছটো। যিদৰে গঙাচিলনীটো দিছিলোঁ।

 মই হতাশ আৰু অসহায়। মাছটোকো কাটিব পৰা নাই।

 অৱশেষত মাছটোৰ কোমল ঠাই এটুকুৰা বিচাৰি উলিয়ালোঁ। দুয়ো ফুলৰ মাজত আঙুলি সুমুৱাই ভিতৰৰ অংগবোৰ বাহিৰ কৰি আনিবলৈ চেষ্টা চলালোঁ। ভিতৰৰ অংগবোৰ কোমল। মানুহে কয়, হাঙৰৰ ফিচাত হেঁচুকি দিলে মুখেৰে পেট, পাকস্থলী সকলো ওলাই আহে। মই কাৰ্টাজেনাত দেখিছিলোঁ, ওলোমাই থোৱা হাঙৰৰ মুখৰ পৰা কিদৰে ক’লা ক’লা নাড়ী-ভুৰুবোৰ ওলাই আহিছে।

 সৌভাগ্যবশতঃ মাছটোৰ পেটৰ ভিতৰখিনি হাঙৰৰ দৰেই কোমল। আঙুলিৰে খামুচি বাহিৰলৈ টানি উলিয়াবলৈ বেছি সময় নালাগিল। পেটৰ ভিতৰত এসোপা কণী। চাফা কৰি লৈ প্ৰথম কামোৰটো দিলোঁ। ছাল ভেদ কৰিব নোৱাৰিলোঁ। দ্বিতীয়বাৰ কামোৰ দিলোঁ আৰু জোৰেৰে। মুখখন বিষাই উঠিল। লাহে লাহে ঢিলা হ’ল। গোটেই টুকুৰাটো মুখত ভৰাই চোবাবলৈ ধৰিলোঁ।

 কিন্তু সোৱাদ অসহ্যকৰ। কেঁচা মাছৰ গোন্ধ এনেই সহ্য কৰিব নোৱাৰি। এই মাছ টুকুৰাৰ গোন্ধ আৰু উৎকট। সামান্য পাথৰৰ দৰে, তেলতেলীয়া। ইয়াৰ আগতে মই কল্পনাও কৰা নাছিলোঁ যে কোনোবাই কেঁচা মাছ খাব পাৰে। কিন্তু মুখৰ ভিতৰত সুমুৱাই মাছ টুকুৰা চোবাই থকাৰ সময়ত মোৰ বিশ্বাস হ’ল যে সঁচাকৈয়ে আজি মই কিবা এটা খাবলৈ পাইছোঁ।

 যি নহওক, অৱশেষত খাবলৈ পাই ভালেই লাগিল। আৰু এটুকুৰা চোবাবলৈ

৫৯