পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপৰ্যয় হ’ব পাৰে। তেতিয়াই ‘দি কেন মিউটিনি’ চিনেমাখনৰ কথা মনত পৰি গ'ল।

 গোটেই দিনটো বতাহৰ কোনো পৰিৱৰ্তন নহ'ল। আমাৰ যাত্ৰাও অব্যাহত থাকিল। নিৰীক্ষণৰ ডিউটী শেষ কৰি উঠি কাৰটাগেনালৈ গৈ কি কৰিম তাকে ভাবিবলৈ ধৰিলোঁ। প্ৰথমেই মেৰীলৈ চিঠি লিখিম। ঠিক কৰিলোঁ, তাইলৈ সপ্তাহত দুখন চিঠি লিখিম। চিঠি লিখাৰ ক্ষেত্ৰত মোৰ কোনো এলাহ নাই। নৌ বাহিনীত যোগ দিয়াৰ পাছৰ পৰা প্ৰতি সপ্তাহত বোগোটাৰ ঘৰলৈ নিয়মিত চিঠি লিখি আহিছোঁ। মোৰ প্ৰতিবেশী এলেকা ওলেৱাত থকা বন্ধু-বান্ধৱলৈকো নিয়মিত লিখিছোঁ। মেৰীলৈ লিখিম কাৰটাজেনাত উপস্থিত হৈ। মই হিচাপ কৰি দেখিলোঁ আৰু কিমান সময়ৰ প্ৰয়োজন হ’ব— ছাব্বিছ ঘণ্টা। এয়াই মোৰ শেষবাৰৰ বাবে ঘড়ী চোৱা।

 ৰেমন হেৰোৰাই মিগুৱেল ওৰতেগাক বাংকলৈ ওভতাই অনাত সহায় কৰিলে। তাৰ অৱস্থা আৰু অধিক শোচনীয় হৈছে। মবিল এৰি অহাৰ পাছত তিনিটা দিন একো এটা মুখত দিয়া নাই। কোনো প্ৰকাৰেহে কথা-বতৰা পাতিব পাৰিছে। মানুহজন তেনেই শেঁতা পৰি গৈছে। আৰু এতিয়া সাগৰীয় ধুমুহাত বিপৰ্যস্ত।

 নৃত্য আৰম্ভ হ'ল

 ঠিক দহ বজাৰ লগে লগে নৃত্য আৰম্ভ হ'ল। কালডাছ দুলিছিল গোটেই দিনটো, কিন্তু ২৭ তাৰিখৰ ৰাতি জাহাজৰ এই দোলন মাৰাত্মক ৰূপ ল’লে। বাংকত জাগি থাকি বাগৰ দি আছোঁ, নিৰীক্ষণৰ ডিউটী থকাসকলৰ কথা ভাবি চিন্তিত হৈছোঁ। কিন্তু আমি বাংকত থকাসকলেও শুব পৰা নাই। মাজনিশা এবাৰ তলৰ বাংকত থকা লুই ৰেনগিফোক সুধিলোঁ— ‘তুমি ঠিকে-ঠাকে আছাতো?’

 ঠিকেই ভাবিছিলোঁ— ৰেনগিফোয়ো শুব পৰা নাই। জাহাজৰ দোলন সত্ত্বেও ৰসিকতা কৰিবলৈ এৰা নাছিল— ‘মই তোমাক কৈছিলোঁ নহয়, সিদিনাই মোৰ অসুখ হ’ব, যিদিনা সাগৰখনৰো অসুখ হ’ব।’ কিন্তু সিদিনা সেই ৰাতি তাৰ কথাবোৰ সম্পূৰ্ণ হ’বলৈ নাপালে।

 মই আগতেই কৈছোঁ, নিজৰ অস্বস্তিৰ কথা। মনত অবুজ ভয়ৰ সঞ্চাৰ হৈছে। লাউড স্পীকাৰত নিৰ্দেশ আহিল— ‘সকলো কৰ্মীয়ে ‘পোৰ্ট ছাইড’ৰ কাষত আহি থিয় হওক।’

 মই বুজি পালোঁ— এই নিৰ্দেশৰ অৰ্থ কি। জাহাজ বিপজ্জনকভাৱে ষ্টাৰ ৰোডৰ পিনে হাওলি গৈছিল। সকলোৱে পোৰ্ট ছাইডৰ ফালে গৈ নিজৰ দেহৰ ভাৰেৰে জাহাজখনক পোন কৰিব লাগিব। দুবছৰ ধৰি কৰা সমুদ্ৰযাত্ৰাৰ পাছত এই প্ৰথম সমুদ্ৰলৈ ভয় কৰিলোঁ। ডেকৰ ওপৰত বতাহৰ প্ৰচণ্ড শব্দ, সকলো নাৱিকে পানীত

২৩