পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেউজীয়া মানুহ

 

﹕ ঐ তহঁতে জাননে আজি কি দিন?
ধুমুহাৰ গতিৰে ক্লাৱৰ মুল দুৱাৰখন ঠেলি ভিতৰলৈ সোমাই অহা নিখিলে ভিতৰত বহি
থকা সদস্যকেইজনলৈ প্ৰশ্নটো নিক্ষেপ কৰিলে।
﹕ জানো দে। আৰ্থডে। ধৰিত্ৰী দিৱস।
গপছত উত্তৰ দিলে উৰ্মীয়ে। চকী এখনত শৰীৰটো এৰি দি নিখিলে ক’লে-
﹕ স্মাৰ্ট! মই ভাৱিছো, ইয়াক চেলিব্ৰেট কৰা যাওঁক।
﹕ তো আমাৰ কৰণীয় কি, মহামান্য নিখিল ডাঙৰীয়া ?
﹕ তহঁত সবে এটা এটা চাজেশ্চন দেচোন।
﹕ সেউজীয়া খানা খোৱা যাওঁক। মানে জাহাজী কল, গ্ৰীনজুচ, গ্ৰীণ পাণ,.....এট্‌চেটৰা
এট্‌চেট।
﹕ তোৰ বেটা খকুৱাৰ খানাৰ বাহিৰে বেলেগ কথা নাই। মোৰ মতে গছপুলি ৰোৱাটো
ভাল হ'ব।
﹕ সেইটোতো মাষ্ট চলিব। ইয়াৰ উপৰি আমাৰ ক্লাৱত পৰ্দাবোৰ চেঞ্জ কৰি সেউজীয়া
কৰি দিলে বা বেৰত সেউজীয়া ৰং কৰালে বেয়া নহ'ব নেকি ?
﹕ মাৰ্ভেলাছ! বাট মাই ডিয়েৰ নয়নৰ মনি, আজিহে আৰ্থ ডে, গ্ৰীণ ডে। কালি বা
পৰহিতো নহয়। তেতিয়া সেউজীয়াৰঙটোৱে কি সূচাব ?
﹕ আমিযে সেউজীয়া দিন এটা পালন কৰিছো, তাৰ স্বাক্ষৰ বহন কৰিব সেউজীয়া পৰ্দা
বা বেৰৰ ৰঙখিনিয়ে।
﹕ ঠিকেই, আজিৰ দিনটোৰ গুৰুত্বটো আমি সদায় উপলব্ধি কৰি থাকিম। উৰ্মি ?