পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

﹕মই কিছুমান সেউজীয়া চিন্তাৰে মনটো ভৰাই পেলালো নিখিল। মোৰ বৰদেউতাই

আজি কি কৰিছে জানানে? নাৰ্চাৰীৰ পৰা এটা মদাৰৰ পুলি কিনি কেলিফৰ্নিয়াত থকা

নাতিনীজনীলৈ কুৰিয়েৰত পঠিয়াই দিছে। আৰু বৰমাই দুপৰীয়া গ্ৰীণ লান্স বনাব।

পালক-পনীৰ, চালাদ, পুদিনা চিকেন...শুভমৰ লোভ লাগিছে? মই কি ভাবিছো

জানা, আমাৰ গুৱাহাটীখন সেউজীয়া কৰি তুলিব পৰাহেঁতেন! ঘৰবোৰ, ৰাস্তাবোৰ,

স্কুল-কলেজবোৰ আৰু মানুহৰ মনবোৰ।

﹕বাহ্‌। কি উৎকৃষ্ট সেউজীয়া চিন্তা!

﹕উৰ্মিৰ চিন্তাটো বেচ চিন্তনীয়। আচ্ছা ভাই বন্ধু সকল। শুনচোন। তহঁতৰ মতামত,

চিন্তাধাৰাবোৰ ভালেই। আটাইবোৰেই গ্ৰহণযোগ্য। গছপুলি ৰোৱা যায় ক্লাৱ চৌহদত।

জাহাজী কল খাই গ্ৰীণ ব্ৰেকফাষ্ট কৰা যাব। পৰ্দাৰ আইডিয়াটোও গ্ৰহণ কৰিলো।

কিন্তু গুৱাহাটী খন সেউজীয়া কৰা যায় কেনেকে?

﹕আমাৰ কল্পনাৰ সেউজীয়া গুৱাহাটীখন কেনভাচত আঁকি ঠায়ে ঠায়ে আঁৰি দিলে

মানুহৰ চকুত পৰিব।

﹕ৰাইট। কিন্তু দিনটোৰ ভিতৰত এয়া অসম্ভৱ। নে কি নিখিল?

﹕এটা আইডিয়া আহিছে মনলৈ। আমি এখনেই স্কেচ্ছ বনাম আৰু নিউজ্‌ চেনেলবোৰত

সেইখন দেখুৱাই ৰাইজলৈ আবেদন জনাম- আপোনালোকে নিজৰঘৰখন, চহৰখন

সেউজীয়া কৰি ৰাখিবলৈ সংকল্প লওঁক। আজিৰ দিনটোত এটা অন্ততঃ চিৰসেউজ

চিন্তা কৰক, আপোনালোকৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে উত্তৰাধিকাৰীসূত্ৰে এখন সেউজ

পৃথিৱী এৰি থৈ যাবলৈ। অন্ততঃ এটা দিনৰ বাবে আহক আমি আটায়ে সেউজীয়া মানুহ

হওঁ।

﹕গ্ৰেট ...এট। লেটচ্‌ ডু ইট।

আটায়ে সমস্বৰে চিঞৰি উঠিল

○○○○○