পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কমনৰুমত সোমাই শিক্ষাগুৰুক সেৱা কৰিছিল, কলম-কিতাপ ফুল যাচিছিল উপহাৰস্বৰূপে।

 কিন্তু ....

 নিজৰ ভাৱতে বিভোৰ হৈ শৰ্মা কিমান সময় আছিল জানো।

 দহজন যাত্ৰী কঢ়িয়াই অনা অটোখনৰ চালকে নিৰ্দিষ্ট আস্থানত অটোখন ৰখাই দিলে। আজিকালি ভাৰা দুগুণ হ’ল। বিছটকীয়া নোটখন শৰ্মাই অটোচালকলৈ আগুৱাই দিলে।

  :নালাগে ছাৰ। আজি আপোনাৰ পৰা ভাৰা নলওঁ। আজিতো ৫ ছেপ্তেম্বৰ। আপোনালৈ শুভেচ্ছা থাকিল ছাৰ। থতমত খাই ৰৈ গ'ল শৰ্মা। কোন আছিল ল'ৰাটো? চাকৈ মনত পৰিল। মদন।

 মদন আঁতৰি গ'ল খৰখেদাকৈ অটোখন দৌৰাই। একালত শৰ্মাৰে ছাত্ৰ আছিল। স্কুলীয়া দিনত মস্ত অঘাইতং ছাত্ৰ। বাঘৰ আগতেল খোৱা, কোনো শাস্তিৰেই দমন কৰিব নোৱাৰা সেই ল'ৰাটো।

 হঠাতে শৰ্মাৰ শুকান মনটো জীপাল হৈ উঠিল। হাততে থকা বিছটকীয়া নোটখনলৈ চালে। এৰা,যান্ত্ৰিকতাৰ বিপৰীতে এতিয়াও কৰবাত আত্মীয়তা গোপনে লুকাই আছে। মনতে ভাবিলে এই বিছ টকাটোৰে এটা গছপুলি কিনি নিব। বিদ্যালয় চৌহদত ৰুবলৈ। তেওঁ কেতিয়াবা পাহৰি গ’লেও প্ৰতিদিনে বাঢ়ি থকা গছপুলিটোয়ে তেওঁক সোঁৱৰাই দিব আজিৰ দিনটোৰ কথা।

 

00000